Breaking

১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণী…

0 42

১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ত ১ জুলাইৰ পৰা ২৬ জুলাইলৈ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ অনুষ্ঠিত হয়।পুৱা ৮ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা, গীত, নৃত্য আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।পুৱা ১০ বজাৰ পৰা শিক্ষক সম্বৰ্ধনা আৰু অভিভাৱক সভাখন ১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত ৰেগনৰ সভাপতিত্বত অনুষ্ঠিত হয়।‌অসম সাহিত্য সভাৰ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই উদ্বোধন কৰা সভাখনৰ আদৰণী ভাষণ প্ৰদান কৰি আঁত ধৰে সম্পাদক মনোজ্যোতি ৰেগনে।অভিজ্ঞ শিক্ষক আৰু গাঁৱৰ উচ্চ শিক্ষিত যুৱকসকলৰ দ্বাৰা বিনামূলীয়া পাঠদান আগবঢ়োৱাৰ উপৰিও সহ: বিদ্যায়তনিক দিশত পাৰ্গত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

এমাহজোৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আগবঢ়োৱা শিক্ষক পৱন গাম, বাবুল দাস, দিপাংকৰ দত্ত, ২০২৪ বৰ্ষৰ অসম সংযুক্ত প্ৰৱেশ পৰীক্ষাত(CEE) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্ত্তিৰ সুযোগ পোৱা মেধাবী ছাত্ৰী পল্লবী পায়েং আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সৰুজ্যোতি ৰেগনক গামোচা, লেখন সামগ্ৰী আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ইয়াৰ সমান্তৰালকৈ শিক্ষক মনোজ্যোতি ৰেগন , প্ৰশান্ত কুমাৰ ৰেগন আৰু ভাস্কৰজ্যোতি ৰেগনকো ছাত্ৰ-ছাত্ৰীসকলে সম্বৰ্ধনা জনায়বিশিষ্ট অতিথি হিচাবে ক্ৰমে অসম সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ ধনভঁৰালী প্ৰণৱজিত মিশ্ৰ আৰু ৰাজু ৰেগনে উপস্থিত থাকি বক্তব্য আগবঢ়ায় । গাঁৱৰ সৰবৰহী ব্যক্তি বিপুল পায়েং আৰু প্ৰণয়ন ৰেগনো উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা কবিতা ,গীত , নৃত্য আৰু কুইজ প্ৰতিযোগিতাৰ ফলাফল ক্ৰমে -নিম্ন শাখাৰ কবিতা প্ৰতিযোগিতাৰ ধৰিত্ৰী ৰেগনে প্ৰথম স্থান, পিংকি ৰেগনে দ্বিতীয় স্থান আৰু ৰিম্পী ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।নৃত্য প্ৰতিযোগিতাৰ জুপিতৰা ৰেগনে প্ৰথম স্থান, ৰিম্পী ৰেগনে দ্বিতীয় স্থান আৰু পিংকি ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।জ্যোতি সংগীত প্ৰতিযোগিতাৰ চিন্তামনি ৰেগনে প্ৰথম স্থান, তৃষ্ণা ৰেগনে দ্বিতীয় স্থান আৰু হিৰণ্য ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।

উচ্চ শাখাৰ জ্যোতি সংগীত প্ৰতিযোগিতাৰ সত্যজিত ৰেগনে প্ৰথম স্থান, বিশ্ব মিলিয়ে দ্বিতীয় স্থান আৰু নিখিল ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।নৃত্য প্ৰতিযোগিতাৰ মনালিছা ৰেগনে প্ৰথম স্থান, জুপিতৰা ৰেগনে দ্বিতীয় স্থান আৰু জিনা ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।কুইজ প্ৰতিযোগিতাৰ সত্যজিত ৰেগন, ধৰিত্ৰী ৰেগন, ৰিম্পী ৰেগনৰ দলটোৱে প্ৰথম স্থান, বিশ্ব মিলি ,আদিত্য মিলি, ৰাজকুমাৰ ৰেগনৰ দলটো দ্বিতীয় স্থান আৰু মানবজ্যোতি পায়েং, নিখিল ৰেগন, বিপুল পায়েঙৰ দলটোৱে তৃতীয় স্থান অধিকাৰ কৰে। শেষত জাতীয় সংগীতেৰে সভা ভংগ হয়।

Leave A Reply

Your email address will not be published.