হাতীচোঙত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত আৰু মাধৱ সাংস্কৃতিক ন্যাসৰ সহযোগত ১৫ জুলাই তাৰিখে পূৱ হাতীচোং ব্ৰাহ্মণগাওঁ সমূহীয়া ভৱনত ২০২৩ বৰ্ষৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তিপ্ৰজ্বলন কৰে শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই।

চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ অজিত বৰাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে সংস্কাৰ ভাৰতীৰ কাৰ্যবাহী সদস্য ধনঞ্জয় কুশ্যৰে, জেউতি হাজৰিকা, সঞ্জীৱ সাগৰ চৌধুৰী, মিহিৰ ভূঞা, পাৰুল শইকীয়া দেৱী, ৰাণা প্ৰকাশ বৰা, শ্যামলীমা শইকীয়া,নৱজ্যোতি বৰাকে প্ৰমূখ্য কৰি বহু সংখ্যক লোক ।

Related Articles