Breaking

ই টি চিৰ উদ্যোগত কাঁহিকুছিত প্ৰাকৃতিক সৌন্দৰ্যৰ উপযুক্ত ব্যৱহাৰৰে উদ্যোগী মহিলাক টেণ্ট হাউছৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণৰ সামৰণি…

0 13

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (এছ আই পি আৰ ডি) চৌহদৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰই (ই টি চি) বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ উদ্যোগী মহিলা সকলৰ দক্ষতা বৃদ্ধিৰ বাবে সময়ে সময়ে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এইবেলি প্ৰথমবাৰৰ বাবে গ্ৰামাঞ্চলৰ উদ্যোগী মহিলাই অসমত উপলব্ধ নান্দনিক প্ৰাকৃতিক সৌন্দৰ্যৰ ব্যৱহাৰ কৰি যাতে টেণ্ট হাউছৰ ব্যৱসায়ত নিজকে নিয়োজিত কৰিব পাৰে তাৰ বাবে ৮ জুলাইৰ পৰা গ্ৰহণ কৰা এক বিশেষ দক্ষতা বৃদ্ধিৰ প্ৰায় এমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ ৬ আগষ্টত সফল সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ গছ, পাত, ফুল, পৰম্পৰাগত কলা সমূহ টেণ্ট হাউছৰ ডেকোৰেচনত ব্যৱহাৰ কৰি মহিলা সকলে কিদৰে টেণ্ট হাউছৰ ব্যৱসায়ক জনপ্ৰিয় কৰি ইয়াক জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ।

আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি ই টি চি চৌহদত ৬ আগষ্টত সামৰণি পৰা দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , কাৰ্বি আংলং, নগাওঁ, গোৱালপাৰা, বৰপেটা, নলবাৰী, লখিমপুৰ জিলাৰ ২০০ গৰাকীতকৈ অধিক নিৰ্বাচিত উদ্যোগী মহিলাই ভাগ লয় । আনহাতে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ আৰ্থিক সাহায্যত অনুষ্ঠিত আৰু ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলাইৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা উদ্যোগী মহিলা সকলক প্লাষ্টিক ব্যৱহাৰ নকৰাকৈয়ে ইয়াৰ বিকল্প হিচাপে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক কিদৰে উপযুক্ত ব্যৱহাৰ কৰি টেণ্ট হাউছত ব্যৱহৃত সামগ্ৰীক এক নান্দনিক মাত্ৰা প্ৰদান কৰিব পাৰি তাক উপস্থাপন কৰা হৈছিল। প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে ভাগ লৈছিল ক্ৰমে – মুনীন্দ্ৰ দাস, ৰাজেন নাথ,

মৌচুমী শইকীয়া কলিতা আৰু প্ৰবীণ মহন্তই। আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ তদাৰক আৰু সহযোগিতা আগবঢ়াইছিল ক্ৰমে – অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক মঞ্জু ৰাণী গগৈ তালুকদাৰ, এছ আই পি আৰ ডিৰ যুটীয়া সঞ্চালক পৱিত্ৰ কলিতা, উপ সঞ্চালক অনুপম দত্ত , ই টি চিৰ ফেকাল্টি ডঃ ৰিদিপ বৰা, গীতাশ্ৰী দাস, কবিতা ডেকা, গাণনিক হেমেন বৈশ্য , গোৱালপাৰা আৰু মৰিগাঁও জিলাৰ ডি পি আৰ চিৰ বিষয়া মনোৰঞ্জন চৌধুৰী, শিৱ প্ৰসাদ বৰা আদিয়ে । আনহাতে ৬ আগষ্টত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষণত ভাগ লোৱা মহিলা সকলক মানপত্ৰ সমূহ বিতৰণ কৰা হয়। ই টি চিৰ গাণনিক হেমেন বৈশ্যই আঁত ধৰা অনুষ্ঠানটোত মানপত্ৰ সমূহ বিতৰণ কৰে অধ্যক্ষ লালৰেম চিয়ামি গামলাই আৰু ফেকাল্টি ডঃ ৰিদিপ বৰাই। উল্লেখ্য যে প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা সকলোৰে খোৱা বোৱা, থকা মেলাৰ ব্যৱস্থা সকলোখিনী ই টি চি চৌহদত বিনামূলীয়াকৈ কৰা হৈছিল । তেনেদৰে প্ৰশিক্ষণত ভাগ লোৱা মহিলা সকলক দুটা বেটছত ভাগ কৰি ১৫ দিনকৈ প্ৰশিক্ষণ দিয়া হৈছিল।

Leave A Reply

Your email address will not be published.