Breaking

পৰিৱেশ দিৱস বনাম মানৱ সমাজ ।

0 525

পম্পী কলিতা ।

সমগ্ৰ বিশ্বতেই পাঁচ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় , সেইটো সৰ্বজনবিদিত কথা । ১৯৭২ চনৰ চুইডেনৰ ষ্টকহোম অধিৱেশনত হোৱা সিদ্ধান্ত মৰ্মেই ১৯৭৪ চনৰ পৰাই প্ৰতিবছৰেই সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন কৰি অহা হৈছে । পৰিৱেশৰ  সুৰক্ষা তথা এক অনুকূল বাতাবৰণৰ সৃষ্টিৰ অৰ্থে আনুষ্ঠানিক পোষকতাৰে প্ৰতিবছৰেই দি অহা হৈছে পৰিৱেশৰ সুৰক্ষা প্ৰদানৰ অভয়বাণী । এইবছৰো বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হিচাপে জৈৱ-বৈচিত্ৰ‍্যতাৰ ওপৰত আলোকপাত কৰা হৈছে । সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আমাৰ অসমো জৈৱ-বৈচিত্ৰ‍্যতাৰ ক্ষেত্ৰত এখন অত্যন্ত চহকী ৰাজ্য । ৰাজ‍্যখনত প্ৰায় ২৯৩ বিধ প্ৰজাতিৰ অৰ্কিড , ৩৮ বিধ প্ৰজাতিৰ বাঁহ , ১৫২ বিধ প্ৰজাতিৰ ঔষধি উদ্ভিদ , ১৮৫ বিধ প্ৰজাতিৰ মাছ , ১৫০০ বিধ প্ৰজাতিৰ পখিলা , ৩৯ বিধ প্ৰজাতিৰ শামুক , ১৫০ বিধ প্ৰজাতিৰ পক্ষী , ১৯৩ বিধ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী , ১৯ বিধ প্ৰজাতিৰ কাছ , শতাধিক জলজ উদ্ভিদ , ৭০ বিধ উভচৰ প্ৰাণী আৰু প্ৰায় ৭৭ বিধ প্ৰজাতিৰ সাপ আৰু জেঠীজাতীয় প্ৰাণী পোৱা যায় । ইয়াৰোপৰি অসমত অনেক প্ৰজাতিৰ জলজ , স্থলজ অথবা উভচৰ প্ৰাণী কিম্বা উদ্ভিদৰ প্ৰাধান্য দেখিবলৈ পোৱা যায় ।পৰিতাপৰ বিষয় এয়াই যে আইনী আওতা আৰু আনুষ্ঠানিকতাৰ মেৰপেচত এইসমূহ সংৰক্ষিত হ’লেও বাস্তৱিক ক্ষেত্ৰখনত কিন্তু জৈৱ-বৈচিত্ৰ‍্যতাৰ সুৰক্ষা তথা সংৰক্ষণ এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ! দৰাচলতে যিমানেই সুৰক্ষা প্ৰদান নকৰক কিয় , মানুহৰ মানসিকতাৰ পৰিৱৰ্তন অবিহনে জৈৱ-বৈচিত্ৰ‍্যতাৰ গুণানুকীৰ্তন কৰাৰো কোনো যুক্তি নাই ! চৰকাৰী আমোলাৰ পৰা সাধাৰণ ৰাইজ পৰ্যন্ত , অনেকেই মুনাফা লাভৰ আশা কিম্বা নিজৰ ভোগ-বিলাসীতাৰ বাবে অতীজৰে পৰাই পৰিৱেশৰ ওপৰত নিৰ্মম অত‍্যাচাৰ কৰি আহিছে । কেৱল পৰিৱেশ দিৱসৰ দিনাই একোটা বক্তব্য দি , একোটা গছপুলি ৰুই কাম সামৰিলে পৰিৱেশক ভালপোৱা নুসূচায় । যিদিনালৈকে আমাৰ মাজত এজনী ভোকাতুৰ হাতীক খাদ্যৰ নামত মৃত্যু-পথ দেখুওৱাৰ প্ৰৱণতা থাকিব , যিদিনালৈকে পোনা থকা মাছ ধৰি আমি ফূৰ্তিত আত্মহাৰা হ’ম , যিদিনালৈকে এখন বিয়াৰ বাবে আমি আমাৰ গোটেই বাৰীখনৰ গছ কাটি তহিলং কৰিম , যিদিনালৈকে ৰাস্তাৰ নিৰ্বোধ ভোকাতুৰ কুকুৰক ব্ৰেডৰ মাজত পিন ভৰাই খাবলৈ দিম , জীয়াই জীয়াই ডাষ্টবিনত ভৰাই জ্বলাই দিম , যিদিনালৈকে গঁড়ৰ খৰ্গৰ আঙুঠি পিন্ধাৰ সপোনত মগন হ’ম , হাতীৰ দাঁত কাটি ধনী হোৱাৰ সহজ উপায় বিচাৰিম , মঙহৰ বাবে বনৰ হৰিণাটোৰ ওপৰত জঁপিয়াই পৰিম ; সেইদিনালৈকে ‘বিশ্ব পৰিৱেশ দিৱস’ৰ ডংকা কোবোৱাৰ কোনো থল নাই আমাৰ হাতত !

যোগাযোগ : ৮০১১১৪৫২৪১  

Leave A Reply

Your email address will not be published.