পোনপ্ৰথমেই মই আপোনালোকক অবগত কৰিব বিচাৰিছোঁ যে,কিবা অনৈতিক কাৰ্য,কলাপৰ জৰিয়তে আইনৰ উলঙ্ঘন কৰি ৰঙা ঘৰৰ আলহী হ’বলৈ যোৱাটো কোনো সন্মানিত হোৱাৰ বিষয়,বস্তু নহয়। ইয়াৰ ফলত নিজৰ আত্ম মৰ্যদাৰ আৰু ব্যক্তিগত চৰিত্ৰৰ ওপৰত এক নকাৰাত্মক প্ৰভাৱ পৰে নহয়নে? সেয়েহে পৰাপক্ষত আইন বিৰোধী কৰ্মৰ পৰা নিজকে সদায় দূৰত ৰাখি ৰঙা ঘৰৰ আলহী হোৱাৰ পৰা সদায় বঞ্চিত হোৱাটো উচিত। কিন্তু কিবা কাৰণ বসত নাইবা নিজৰ ভুল পদক্ষেপৰ জৰিয়তে যদি আইনৰ মতে দণ্ডনীয় হৈ ৰঙা ঘৰৰ আলহী হৈ পৰো ঠিক তেতিয়া ৰঙা ঘৰৰ বন্দী হৈয়ো আমি কিদৰে নিজৰ মনক মুক্ত কৰি তাৰ পৰবৰ্তী সময়ছোৱাত এক সাধাৰণ মানুহৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ’ব পাৰোঁ সেই বিষয়ে মোৰ একেবাৰে সামান্যতম জীৱন অভিজ্ঞতাৰ পৰা সমান্য ৰূপত চিন্তা-চৰ্চা কৰাৰ প্ৰতি আত্মপ্ৰকাশ কৰিছোঁ ।
আচলতে আমি যিবোৰ মানুহক প্ৰত্যক্ষ ৰূপত হাতে-লুটে কিবা আইনী বিৰোধী কাৰ্যত ধৰা পেলাওঁ তেওঁলোকক আইনৰ জৰিয়তে দোষী সাব্যস্ত কৰি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। কিন্তু ধৰিললো আপুনি যিবোৰ কাৰণ লৈ আইনী মতে দণ্ডনীয় বুলি আইনৰ জৰিয়তে ঘোষণা কৰিছে। হয়তো আপোনাতকৈ বহুতো ডাঙৰ ডাঙৰ অপৰাধ কৰি কিছুমান মানুহে মুক্ত আকাশৰ তলত নিৰ্ভিকতাৰ সৈতে জীৱন নিৰ্বাহ কৰি আহিছে। গতিকে আমাৰ সংবিধান গৃহীত হোৱা আইনী বা ন্যায়িক ব্যৱস্থা এশ শতাংশয়ে শুদ্ধ বুলি ক’ব নোৱাৰি। যদি শুদ্ধ বুলি দাবী কৰে তেন্তে শতকৰা এশ শতাংশ শুদ্ধ ভাবে দোষী মানুহবোৰক দোষী সাব্যস্ত কৰিবলৈ অসমৰ্থ কিয় ? আমি মানু্হৰ জীৱন প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মানুহৰ জৰিয়তে কিছুমান সীমা-পৰিসীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। আৰু এই সীমাবোৰ অতিক্ৰম কৰি লগেই আমি আইনী ৰূপত দণ্ডনীয় হৈ পৰো। এতিয়া কথা হ’ল মই ইয়াতে আপোনালোকৰ আগত ন্যায়িক ব্যৱস্থাৰ বিৰোধিতা কৰি ভুল বাখ্যা প্ৰদান কৰিব বিচৰা নাই। অৰ্থাৎ মই উপৰোক্ত ভাগত উল্লেখ কৰা কথাবোৰৰ তাৎপৰ্য এইয়াই যে, পুঁজিবাদ আৰু ক্ষমতা সম্পন্ন ব্যক্তিবোৰৰ আগত আমাৰ ন্যায়িক ব্যৱস্থাসমূহ এক অৰ্থহীন আৰু মুল্যহীন হৈ পৰে নহয়নে ?
আমি সচৰাচৰ শুনিবলৈ বেয়া লাগিলেও এই কথাটো এশ শতাংশয়ে সচা যে, আমি প্ৰায় প্ৰতিজন মানুহে আইনী ৰূপত দণ্ডনীয় নহওঁ যদিওঁ আন্তৰিক ৰূপত বহুতো দণ্ডনীয় কামত লিপ্ত হৈ আহিছোঁ। গতিকে আইনী ৰূপত দণ্ডনীয় মানুহক ন্যায়ালয় , ন্যায়াধীশৰ জৰিয়তে ন্যায় প্ৰদানৰ ব্যৱস্থা আছে। কিন্তু আমি আন্তৰিক ৰূপত কৰা কু-কাৰ্য ,কু-কৰ্মৰো কোনোবা নহয় কোনোবা ন্যায় প্ৰদানৰ বাবে ন্যায়াধীশ অদৃশ্য ৰূপত বিৰাজমান হ’ব পাৰে এই কথাবোৰৰ প্ৰতি আমি কিয় সতৰ্কতা অবলম্ব নকৰোঁ।
গতিকে আপুনি যদি কিবা কাৰণ বসত আইনী মতে দোষী সাব্যস্ত হৈ ৰঙা ঘৰৰ আলহী ৰূপত বন্দী হ’বলগীয়া হয় তেন্তে একেবাৰে হীনমান্যাতাত ভুগি থাকিবলৈ দৰকাৰ নাই । কাৰণ প্ৰথমতে কলো আপোনাতকৈ বহুতো ডাঙৰ ডাঙৰ অপৰাধ সমূহ কৰি বহুতো মানুহে এতিয়াও মুক্ত আকাশৰ তলত এক সাধাৰণ জীৱন নিৰ্বাহ কৰি আহিছে। আনহাতে আপোনি কৰা অপৰাধ সমূহ মানুহৰ চকুত পৰি ন্যায়িক ৰূপত দণ্ডনীয় হৈ পৰিছে।
কিন্তু আপুনি সংগঠিত কৰা সেই এটা অপৰাধৰ বাহিৰে যদি আপুনি আন্তৰিক ৰূপত সচাকৈ গুণ সম্পন্ন ব্যক্তি তেন্তে ৰঙা ঘৰত বন্দী হোৱাটো আপোনাৰ সুন্দৰ জীৱনৰ এক অন্ত হোৱাটো কেতিয়াও নুবুজাই । বৰঞ্চ এয়া আপোনাৰ জীৱনৰ এক নতুন ৰূপত নতুন আৰম্ভণি। ইয়াৰ পৰবৰ্তী পৰ্যায়ত আপুনি কেনেকৈ জীৱন ব্যতীত কৰিবলৈ আগ্ৰহী এই সকলোবোৰ কথা নিৰ্ভৰ কৰে আপোনাৰ আত্মশক্তি আৰু আত্ম শুদ্ধতাৰ ওপৰত।
-চন্দ্ৰ শেখৰ পৰাজুলী