Breaking

আজিও নাপালে অসম চৰকাৰৰ দয়াল দাস পানীকা স্বনিয়োজন আচঁনিৰ ধন

0 81

বৃটিছৰ গুলীত মৃত্যুবৰণ কৰা ঢেকিয়াজুলিৰ শ্বহীদ দয়াল দাস পানীকাৰ নামত অসম চৰকাৰে আদিবাসী সকলৰ বাবে  ঘোষনা কৰা স্বনিয়োজন আচঁনিৰ ধন  আজিও নাপালে ওদালগুৰি জিলাৰ যুবক যুবতী সকলে । উল্লেখযোগ্য যে ঢেকিয়াজুলিত বৃটিছৰ গুলীত প্ৰানহুতি দিয়া শ্বহীদ গৰাকীৰ নামত অসম চৰকাৰে প্ৰতি বছৰে ২৫ হাজাৰকৈ  টকা শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক আগবঢ়াই আহিছে ।কিন্তু  এই স্বনিয়োজনৰ এককালীন সাহাৰ্য্য আজিও পাবলৈ সক্ষম নহল ওদালগুৰি জিলাৰ যুবক যুবতী সকলে । অক্টোবৰ মাহতে এই স্বনিয়োজন আচঁনিৰ বাবে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলৰ পৰা আবেন গ্ৰহণ কৰা হৈছিল ।সেই অনুসৰি ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলেও অনলাইনযোগে প্ৰ-পএ জমা দিছিল । জানিব পৰা মতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ এই স্বনিয়োজনৰ আচঁনৰ বাচনি তালিকা খন  প্ৰকাশ পোৱাৰ লগতে বিটিএডিৰ  অইন তিনিখন জিলাতো বাচনি তালিকা খন প্ৰকাশ পোৱাৰ লগতে দয়াল দাস পানীকা স্বনিয়োজন আচঁনিৰ ধন পাবলৈ সক্ষম হৈছে ।কিন্তু ওদালগুৰি জিলাত এই ধন শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে পোৱাটো দূৰৈৰ কথা  তালিকা খনে আজিলৈকে প্ৰকাশ নহল ।তদুপৰি আচঁনি খনৰ নামত ঘোষনা কৰা ২৫ হাজাৰ টকাৰ বিপৰীতে এইবেলি ১২ হাজাৰ ৫০০ টকাকৈহে  দিয়া বুলি অভিযোগ উথাপিত হৈছে। চৰকাৰৰ ঘোষিত স্বনিয়োজনৰ  ২৫ হাজাৰ টকাৰ  আচঁনিৰ পৰা এইবেলি ১২ হাজাৰ ৫০০ টকা কলৈ গল বুলি নিবনুৱা যুৱক যুৱতী সকলে প্ৰশ্ন উত্থাপন কৰিছে ।সেয়েহে অতি শীঘ্ৰে ওদালগুৰি জিলাৰ দয়াল দাস পানীকা স্বনিয়োজন আচঁনিৰ বাচনি তালিকা খন প্ৰকাশ কৰি চৰকাৰে ঘোষনা কৰা  ২৫ হাজাৰকৈ টকা শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক দিবলৈ চৰকাৰক দাবী জনাইছে ।

Leave A Reply

Your email address will not be published.