Breaking

৯৩.১৬ শতাংশ নম্বৰ লাভ কৰিও দৰিদ্ৰতাই উচ্চ শিক্ষাৰ হেঙাৰ হব নেকি দৰঙৰ মেধাৱী ছাত্ৰী পিংকি বৰুৱাৰ ৷

0 352

দৰঙৰ পৰা জয়দেৱ ডেকা

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত মাত্ৰ ২৫ নম্বৰৰ বাবে শীৰ্ষস্থান দখল কৰিব নোৱাৰা এগৰাকী মেধাৱী ছাত্ৰী চৰম হতাশাগ্ৰস্ত ৷ দৰিদ্ৰতাই হেঙাৰ হৈ পৰিছে ছাত্ৰী গৰাকীৰ ৷ দিন হাজিৰা নকৰিলে পৰিয়াটিক লঘোণে ৰাখিৱলগীয়া হোৱা পিতৃয়ে ছাত্ৰী গৰাকীক বিদ্যালয়ক যাৱলৈ দিব নোৱাৰিলে এখন চাইকেল ৷ ৩ কিঃমিঃ পথ খোজ কাঢ়ি বিদ্যালয়লৈ অহাযোৱা কৰিছিল ছাত্ৰী গৰাকী ৷ অৰ্থৰ অভাৱত টিউচনৰ ব্যৱস্থাও কৰি দিব পৰা নাছিল পিতৃয়ে ৷ বিদ্যালয়ৰ শিক্ষাগুৰুৰ ছাত্ৰী গৰাকীৰ প্ৰতি থকা দায়িত্ব আৰু বন্ধু-বান্ধৱীৰ সহায়ৰ বাবে ছাত্ৰী গৰাকীয়ে সকলো কেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৫৫৯ নম্বৰ লাভ কৰি ডিষ্টিংচন লাভ কৰা দিঘীৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পিংকি বৰুৱা  এতিয়া অসহায় ৷ বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিছৰা ছাত্ৰী গৰাকী ভৱিশ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন৷ কিন্তু পিতৃয়ে এসাজ যোগাৰ কৰি এসাজ লঘোণে ৰাখিৱলগীয়া হোৱা পিতৃয়ে পাৰিব জানো ছাত্ৰী গৰাকীৰ সপোন বাস্তৱ কৰিবলৈ ৷ যিটো জুপুৰিত ছাত্ৰী গৰাকীৰ পৰিয়ালে দিন অতিবাহিত কৰিছে আপুনি দেখিলে চকু কপালত উঠিব ৷ চৰম সংগ্ৰাম  কৰি ছাত্ৰী গৰাকীয়ে বহু জনক দেখুৱাইছে আদৰ্শ ৷ কিন্তু ছাত্ৰী গৰাকী সপোন সপোন হৈয়ে ৰব নেকি ? কোনোবা হৃদয়বান লোক আগবাঢ়ি আহিবনে ছাত্ৰী গৰাকীৰ দুখৰ সমভাগি হবলৈ ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ পৰাও বঞ্চিত পৰিয়ালতোক এটা গৃহৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়া আগবাঢ়ি আহিবনে ? সেয়ে মেধাৱী ছাত্ৰী পিংকি বৰুৱাৰ স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়া আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ  অনুৰোধ ৷ এতিয়াৰে পৰা মোৰ শিক্ষাৰ দায়িত্ব আপোনালোকে গ্ৰহন কৰক ৷ মোৰ পৰিয়াটিক থাকিবলৈ এটা গৃহৰ ব্যৱস্থা কৰি দিয়ক ৷  কিন্তু এই মেধাৱী ছাত্ৰী পিংকি বৰুৱাৰ হিয়াভঙা কান্দোন শুনিবনে বিধায়ক আৰু মন্ত্ৰীয়ে ৷ আগবাঢ়ি আহিবনে ছাত্ৰী গৰাকীক সহায় কৰিবলৈ হৃদয়বান লোক ৷

Leave A Reply

Your email address will not be published.