Eviction drive: কচুতলিত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান

কচুতলিত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমি তথা চৰকাৰী চৰনীয়া পথাৰ বৃহৎ অংশ ভূমি সন্দেহজনক লোকে অবৈধ ভাৱে বেদখল কৰি আছিল।(Eviction drive) অবৈধ বেদখলকাৰীৰ জনসমষ্ঠিয়ে ডিমৰীয়া অঞ্চলৰ স্থানীয় জনজাতি লোকসকলৰ জনগাঠনিৰ প্ৰতি ভাবুকি অহাৰ শংকাত শংকিত হৈ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰে পৰা কচুতলিত উচ্ছেদৰ দাবী তুলি আহিছিল।

যাৰ পৰিপ্ৰেক্ষিতত যোৱা বৰ্ষত প্ৰশাসনে কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমি অবৈধ ভাবে বসবাস কৰা লোকক উচ্ছেদ কৰি বেদখলমুক্ত কৰিছিল। তাৰ সমান্তৰালভাবে কচুতলিৰ ভূমি অবৈধ ভাবে বেদখলত সহায় কৰা দুষ্টপ্ৰবৃত্তিৰ মাটিৰ দালাল কেইটামান মানক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। কচুতলিৰ উচ্ছেদিত ভূমিৰ পৰা প্ৰায় সংখ্যা অবৈধ বেদখলকাৰীয়েই আতৰি গৈছিল যদিও পুনৰ দালাল এচামৰ উচতনিত একাংশ অবৈধ বেদখলকাৰীয়ে কচুতলিৰ ভূমি দখল অভিযানত নামি পৰে।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন কচুতলিৰ উচ্ছেদিত ভূমিত ১০নম্বৰ আৰক্ষী বেটেলিয়ান কেম্পকে ধৰি ESI চৰকাৰী বিভাগৰ এখন মেডিকেল কলেজৰ বাবেও ভূমি সংৰক্ষিত কৰি ৰাখিছে। তেনে ক্ষেত্ৰত কচুতলিত পুনৰ একাংশ লোকে অবৈধ ভাবে ভূমি বেদখল কৰা কাৰ্যক প্ৰশাসন তথা স্থানীয় ৰাইজে সহজভাৱে লোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা পুনৰ কচুতলিত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ডিমৰীয়া সম জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই জানিবলৈ দিয়া মতে আজি প্ৰায় ৪০ টাকৈ অবৈধভাবে সাজিলোৱা ঘৰ উচ্ছেদ কৰিছে।

Related Articles