Breaking

ধুবুৰী পৌৰসভাৰ উচ্ছেদ অভিযান

0 1,568

গুৰু তেগ বাহাদুৰ মন্দিৰৰ সন্মুখত থকা ৬খনকৈ পান-তামুল, চাহৰ দোকানবোৰ ধুবুৰী প্ৰশাসনৰ সহযোগত ধুবুৰী পৌৰসভাই উচ্ছেদ কৰা পৰিলক্ষিত হয়। জানিব পৰামতে পৌৰসভাই বহু দিনৰ পৰা জাননী দিয়াৰ পিছতো দোকানীবোৰ কোনো গুৰুত্ব প্ৰদান নকৰাত আজি জিলা প্ৰশাসনৰ সহযোগত ধুবুৰী পৌৰসভাই উচ্ছেদ অভিযান চলায়। উক্ত পান-তামুল চাহৰ দোকানীবোৰ প্ৰায় ২০বছৰৰ পৰা উক্ত ঠাইত দোকান কৰি আছে যদিও পৌৰসভাক কোনোধৰণৰ কৰ নিদিয়াকৈ অবৈধ ভাবে দোকান খুলি ব্যৱসায় কৰা বুলি আজি ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি জানিবলৈ দিয়ে। উপায়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত কয় যে, ধুবুৰীত যিমান অবৈধ দোকান পোহাৰ পৌৰসভাৰ ভূমি দখল কৰি ব্যৱসায় চলাই আছে সেই সকলোবোৰ দোকান আজিৰে পৰা উচ্ছেদ কৰা হ’ব বুলি জানিবলৈ দিয়ে। আনপিনে,আজি ধুবুৰী জিলা উপায়ুক্তই চহৰখনৰ ১ নং ৱাৰ্ডত থকা তেতুলতলাত নিজে উপস্থিত হৈ অবৈধভাবে পৌৰসভাৰ ভুমিত চাহ আৰু পান-তামুলৰ দোকানী সমুহক দিলে সাৱধান বানী। অহাকালিৰ ভিতৰত চৰকাৰী ভুমি খালি কৰি নিদিলে প্ৰশাসনৰ সহযোগত পৌৰসভাই উচ্ছেদ কৰাৰ বাধ্য হব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। জানিব পৰামতে তেতুলতলাত বিউটি আঁচনিৰ অধীনত উক্ত ঠাইখনৰ কাম চলি থকা সময়তে অবৈধ ভাবে দখল কৰা চৰকাৰী ভুমি বেদখলৰ বাবে বহুবাৰ জাননী দিয়া সত্বেও দোকানীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি সাৱধান কৰাৰ বাধ্য হোৱা পৰিলক্ষিত হয় উপায়ুক্ত এন্বামুথন এম পি ক। আনপিনে গুৰু তেগ বাহাদুৰ মন্দিৰৰ সন্মুখতো থকা ৬খনকৈ পান-তামুল, চাহৰ দোকান ভাঙি চুৰ মাৰ কৰে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.