Breaking

টীয়কত ই,ভি,এম, বিসংগতি : ভোটাৰৰ হাৰাশাস্তি

0 2,085

যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ টীয়কৰ বিভিন্ন প্ৰান্তত ই, ভি, এমৰ বিসংগতিৰ বাবে নিৰ্ধাৰিত সময়ত ভোট গ্ৰহণ অনুষ্ঠিত কৰিব নোৱাৰাত ভোট গ্ৰহণ কেন্দ্ৰত  ভোটাৰ ৰাইজ সকল দীঘলীয়া শাৰী পাতি অশেষ কষ্ট ভুগিব লগীয়া হ’ল । প্ৰাপ্ত তথ্য মতে টীয়ক সমষ্টিৰ পীড়াকটা মজলীয়া বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰ ,চটাই ১১ নং চেনি আমগুৰি হাইস্কুল ,ঢেকীয়াখোৱা ১৫ নং  প্ৰাথমিক বিদ্যালয় মেলেং বাৰপাইক প্ৰাথমিক বিদ্যালয়কে কে ধৰি বহু কেইটা ভোট গ্ৰহন কেন্দ্ৰত সময় মতে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব নোৱাৰিলে । ৰিটাৰ্ননিং বিষয়াৰ পৰা জানিব পৰা মতে বুটাম টিপাৰ পিছত ই, ভি,এম মেচিনৰ কাৰ্যক্ষম হোৱা নাছিল যদিও পিচলৈ যোৰহাটৰ পৰা অহা এটা দলে  বহু কেইটা ই,ভি,এম কাৰ্যক্ষম কৰি তোলে । এই সংক্ৰান্তত বিৰোধী দলে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Leave A Reply

Your email address will not be published.