EVM: মই নিজেও ইভিএমটোৰ ওপৰত ব্যক্তিগতভাবে সন্দেহবাদীঃ দেৱব্ৰত শইকীয়া

বঙাইগাঁও, ৩ নবেম্বৰঃ মই নিজেও ইভিএমটোৰ(EVM) ওপৰত ব্যক্তিগতভাবে সন্দেহবাদী৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ(Debabrata Saikia)৷

দেওবাৰে বঙাইগাঁৱত সমষ্টিটোৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰেজনজিৎ সিংহৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাগৰাকীক সাংবাদিকে ইভিএম প্ৰসংগত সোধাত এইদৰে কয়৷

কংগ্ৰেছ দলৰ বিধায়ক শইকীয়াই কয় যে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা দ্বিগবিজয় সিঙে আমাকো বহুকেইবাৰ কৈছে যে ইভিএমটো ভাৰতবৰ্ষক বাদ দি যি দেশত আটাইতকৈ বিজ্ঞানৰ প্ৰগতি হৈছে আমেৰিকা, জাপান, কোৰিয়া আদি কোনো দেশতে নিৰ্বাচন প্ৰক্ৰিয়াত ব্যৱহাৰ নহয়(Guwahati Flyover Row)৷

কিন্তু আমাৰে দুৰ্ভাগ্য যে কংগ্ৰেছৰ সময়তে ইলেক্টোনিক ভোটিং ব্যৱস্থাটো আহিছিল৷ আমি কিবা এটা ভুল কৰিলো বুলি তাৰ যে শুধৰণি হ’ব লাগিব তেনেকুৱা নহয়(Assam Legislative Assembly)৷ ব্যক্তিগতভাবে মইও ভাবো যে ইভিএমৰ খেলিমেলি সম্পূৰ্ণ নহলেও কিছু কিছু ক্ষেত্ৰত হয় আৰু ই নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে(Noonmati-Dighalipukhuri Flyover)৷

ইভিএমেৰে মইও জয়লাভ কৰিছো৷ তথাপিটো কও যে ইভিএমত ইচ্ছা কৰিলে কেতিয়াবা কেতিয়া কিছু অঞ্চলত হেৰাফেৰি কৰিব পাৰি৷ মই এশ শতাংশই কোৱা নাই৷ সকলোতে কৰিলেতো ধৰা পৰিব৷ কংগ্ৰেছ মুক্ত কৰিবলৈ যদি ইভিএমটো ব্যৱহাৰ কৰি দিয়ে তেতিয়াতো লগে লগে বিজেপি ধৰা পৰিব৷

সেয়ে গতিকে কিজানি দুই এখন ৰাজ্যত নিৰপেক্ষভাবে নিৰ্বাচন হ’বলৈ দিয়ে৷ হয়তো ৬০-৪০ কৰে৷ কৰবাত কৰবাত ঠিকা চিষ্টেম চলে বুলি কয়৷ বৰ্তমান ৮০-২০ চলি আছে? তেনেকে কিজনি কংগ্ৰেছক দুখন ৰাজ্য দিয়ে আৰু তেওঁলোকে আঠখন ৰাজ্য লয়৷ সেয়ে গতিকে ইভিএমটো নহৈ হাতেৰে গণনা হয় মই সুখী হ’ম৷

ইলান মাক্সচেও কৈছে যে ইভিএমটো বিশ্বাস কৰিব নোৱাৰি ৷ সেয়ে চৰকাৰে ৰাইজৰ কথা শুনা উচিত৷ মই জয়ী হলেও ইভিএমৰ ওপৰত মোৰ সন্দেহ আছে৷ আনহাতে ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰ অহংকাৰ হৈছে বুলি কোৱাৰ লগতে ২০২৬ত ৰাইজৰ দল আৰু বাকী অঞ্চলিক দল মিলি কংগ্ৰেছক বাদ দি চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত বিৰোধী দলপতি শইকীয়াই কয় যে মই তেনেকে নকওঁ৷

আগতে কৈছো যে এইটো ২৪ চনৰ নবেম্বৰ মাহ চলি আছে৷ সেয়ে ২৫ চনৰ ১২ মাহ সময় পাম আৰু ২৬ চনৰো অলপ সময় পাম৷ এইখিনি সময়ত আমি ৰাইজৰ মন আৰু পানী কেনেকৈ বাগৰে চাব লাগিব৷ আনহাতে কংগ্ৰেছ এটা বৃহৎ শক্তি বুলি কৈ যিটোৱে বিজেপিৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষত যুদ্ধ কৰি আছে৷

এইটোক আওকান কৰি যে আঞ্চলিকতাবাদী শক্তিয়ে অকলে জয়লাভ কৰিব এইটো মোৰ মনে নধৰে আৰু মই ভাবো অসমৰ জনগণেও তেনেকুৱা এটা কথা বিশ্বাস কৰিবলৈ টান পাব ৷ গতিকে বৰ্তমান সময়ত মই তেওঁলোকৰ ক্ষোভ বুজি পাইছো আৰু আমাৰো কিছু অসুবিধা আছিল ৷

সেয়ে এই সময়ত সাময়িকভাবে আমি একলগ হ’ব পৰা নাই৷ আগন্তুক সময়ত বিজেপি আমাৰ মূল শত্ৰু ৷ সেই কথাটো মনত ৰাখি যদি আমি কাম কৰো নিশ্চয় আমি বিজেপি বিৰোধী চৰকাৰ পাম৷

সাংবাদিকে পুনৰ বিধায়ক অখিল গগৈ মুছলমানৰ ত্ৰাণকৰ্তাস্বৰূপ হৈ পৰিছে আৰু উপ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি যিহেতু কংগ্ৰেছক সমালোচনা কৰিছে বুলি সোধাত তেওঁ কয় যে মই বৰ্তমান সময়ত বিজেপি বিৰোধী দলৰ কোনো এটা দলৰ বিৰুদ্ধে কোনো ধৰণৰ মন্তব্য দিব নিবিচাৰো৷

তেনে কৰিলে বিজেপিয়ে আমাক আক্ৰমণ কৰিবলৈ কিছু সমল পাব৷ সেয়ে মই বৰ্তমান সময়ত ভাবো যে অখিল গগৈয়েও কংগ্ৰেছক কিবা কোৱাতকৈ বিজেপিক আক্ৰমণ কৰক আৰু য’ত য’ত বিজেপি শক্তিশালী বুলি ভবা হয় সেইবিলাকত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাওক৷ মোৰ এইটোৱে অনুৰোধ৷

সাংবাদিকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক পুনৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক গাদ্দাৰ বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত কয় যে নিৰ্বাচনৰ সময়৷ মই কিবা এটা কলে কাইলৈ তেওঁ আকৌ কিবা এটা ক’ব৷ তেওঁ বহুত কিবা কিবি কৈছে৷ ভগৱান শিৱই যেনেকৈ বিষপান কৰিব পাৰে তেনেকৈ মই কংগ্ৰেছক বিষপান কৰিবলৈ আহ্বান কৰিম৷ যিয়ে যি কয় কওঁক৷ আমাৰ মাজত সাময়িকভাবে বিচ্ছেদ হৈছে৷

অলপমান আমাৰ মাজত মনোমালিন্য হৈছে , চেষ্টা কৰিম আঁতৰাবলৈ৷ আমাৰ মূল শত্ৰু অখিল গগৈ বা আঞ্চলিক দল কেতিয়াও নহয়৷ বিজেপি দলটোৰ যি নীতি আদৰ্শ তাৰ বাবে সকলো মানুহে বিজেপি দলক ভোট নিদিয়া উচিত বুলি মই আজিও ভাবো আৰু বিশ্বাস কৰো৷ আনহাতে দীঘলী পুখুৰীৰ গছ কটাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা সন্দৰ্ভত তেওঁ কয় যে এয়া কেৱল গুৱাহাটীতে নহয়৷

গোটেই অসমতে কমিছনৰ আশাত আৰু আইন ভংগ কৰি যাতে বিভিন্ন কাম কৰিব পাৰি তাৰ বাবে বৰ্তমানৰ চৰকাৰে কেতবোৰ অৱসৰপ্ৰাপ্ত চৰকাৰী উচ্চ পদষ্ট বিষয়াক ভৃত্যৰ নিচিনাকৈ গড়কাপ্তানী আৰু অন্যান্য বিভাগত ব্যৱহাৰ কৰি আছে৷ সেই কাৰণে পৰিৱেশ তথা পাৰিপাৰ্শ্বিক প্ৰভাৱ, অৰ্থনৈতিক প্ৰভাব কেনে ধৰণৰ পৰিব আদি কথাবোৰৰ আগতীয়া অনুসন্ধান নকৰাকৈ কেইটামান কমিছনৰ আশাত চৰকাৰখনে খুব বেছিকৈ উৰণ সেতু বনাইছে৷

য’ত প্ৰয়োজন নাই তাতো বনাইছে আৰু ৰাইজৰ লগত কোনো আলোচনা কৰা নাই৷ ইয়াৰ ফলত আমাৰ ঐতিহ্য ধ্বংস কৰি আছে৷ দীঘলী পুখুৰীৰ কি ঐতিহ্য আমি সকলোৱে জানো৷ তেনেকৈ যোৰহাটত এখন বনাই আছে৷ দুশ বছৰ পুৰণি এখন চহৰ হয়৷ যোৰহাটত উৰণ সেতু বনাই তাৰ গৰিমা নষ্ট কৰিছে৷ তেজপুৰতো তেনেকুৱা একেই অৱস্থা৷

গতিকে এই গোটেইবিলাক কথা যাতে, পোহৰলৈ আহে তাৰ কাৰণে বৰ্তমানৰ দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈকে হ’বলগীয়া উৰণ সেতুখনৰ ফলত যে ৰাইজৰ বহুত অসুবিধা হৈছে সেইখিনি মই উল্লেখ কৰি শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছো৷ যদি উৰণ সেতু হৈ যায় তেতিয়াহলে অলি গলিয়ে থকা মানুহখিনিয়ে যদি বাহনৰ পৰা য’ত নামিব লাগে তাতে নামিব নোৱাৰিলে যানজোঁট হ’ব৷

তেওঁ আৰু কয় যে ভাৰতৰ মেট্ৰমেন ই শ্ৰীধৰণেও কৈছে যে উৰণ সেতুবিলাক কেতিয়াও যাতায়তৰ সুচল ব্যৱস্থাৰ কাৰণে সমাধান নহয়৷ ইয়াৰ কাৰণে ৰাজহুৱা পৰিবহন ব্যৱস্থাটো ভাল হ’ব লাগে৷

সেয়া লাগিলে ৰে’ল ব্যৱস্থা বা ৰাজহুৱা বাছ ব্যৱস্থাই হওক৷ আমাক অবাবদ উৰণ সেতু দি আছে যিবিলাক গাঁওলীয়া বাট-পথ আছে সেইবিলাকৰ কি দূৰব্যৱস্থা৷ এনৰেগা পুঁজিটো বন্ধ কৰি দিছে জবকাৰ্ড ল’ব পৰা নাই৷ আগতে গাঁৱৰ পথত শিল বালি দিয়াৰ ব্যৱস্থা আছিল৷

কিন্তু ১৬ চনৰ পৰা চৰকাৰে এখন নতুন গাইড লাইন দিয়াৰ ফলত আনকি আমাক জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা গ্ৰাম্য পথত বিধায়ক পুঁজিৰ পৰা শিলগুটিও পেলাব নিদিয়ে৷ অৰ্থাৎ এনে এখন অত্যাচাৰী ৰজাৰ শাসন চলি আছে বৰ্তমান৷ সেয়ে এই বিলাকৰ বিৰুদ্ধে মই ভাবো জনগণৰ মাত মতিবৰ সময় আৰু এনেকুৱা উপ নিৰ্বাচনেই সেই সময়৷

Related Articles