Breaking

ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ দুটা আলমিৰা-গ্ৰন্থ প্ৰদান প্রাক্তন শিক্ষার্থী সম্মিলনৰঃ কৃতজ্ঞতা জ্ঞাপন বিদ্যালয় কৰ্তৃপক্ষৰ…

0 15

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ একমাত্ৰ অসমীয়া মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পুথিভঁৰালটিলে প্রাক্তন শিক্ষার্থী সন্মিলনীয়ে প্ৰদান কৰে দুটা আলমিৰা আৰু মূল্যৱান গ্রন্থ। কিতাপ পঢ়ি ভালপোৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্রীয়ে প্রাক্তন শিক্ষার্থীসকলে আনুষ্ঠানিক ভাবে প্রদান কৰা গ্ৰন্থসমূহৰ পৰা যথেষ্টখিনি উপকৃত হ’ব বুলি সকলোৱে আশা প্রকাশ কৰিছে। ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী সন্মিলনৰ সম্পাদক বলেন চক্রবর্তী আৰু প্ৰাক্তন ছাত্ৰসকল ক্ৰমে মৃণাল গগৈ, বুধিন বৈশ্য, পংকজ নাথ, সিদ্ধার্থ দত্ত, ধনেশ্বৰ কলিতা, চাহিন আহমেদ, বিতু ডেকা আৰু দেৱজিৎ বৈশ্য উপস্থিত হৈ বিদ্যালয়খনৰ অধ্যক্ষ মোহন গোস্বামী, পুথিভঁৰালটি পৰিচালনা কৰাৰ দায়িত্ব থকা সহকাৰী শিক্ষক নন্দেশ্বৰ ভৰালী, দ্বিজেন হালৈ আৰু শিক্ষয়িত্রী বিতুমণি কলিতাৰ হাতত ৭৩ খন মূল্যবান গ্রন্থ আনুষ্ঠানিক ভাবে প্রদান কৰে।

প্রাক্তন ছাত্র বলেন চক্রবর্তীয়ে কয় যে আমি কেইবাগৰাকী প্ৰাক্তন শিক্ষার্থী সন্মিলনীৰ বিষয়ববীয়া আৰু সদস্যসকল বিশেষ উদ্দেশ্য লৈ বিদ্যালয়খনত উপস্থিত হৈছো। চলিত বৰ্ষৰ ২৮ এপ্ৰিলত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি প্রাক্তন শিক্ষার্থী সন্মিলন অনুষ্ঠিত কৰা হৈছিল। সন্মিলনখনি সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত প্ৰায় ৫৮ হাজাৰ টকা ৰাহি হৈছিল। ৰাহি হোৱা ধনৰাশিৰে বিদ্যালয়খনৰ পুথিভঁৰালটিলৈ দুটা আলমিৰা আৰু গ্ৰন্থ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই মৰ্মে দুয়োটা বস্তু সামগ্ৰী প্ৰদান কৰা হ’ল। ২৫ হাজাৰ টকা ব্যয় সাপেক্ষে দুটা আলমিৰা আৰু বাকীখিনি ধন ৰাশিৰে ৭৩ খন কিতাপখিনি ক্ৰয় কৰা হৈছে। উল্লেখ্য যে, ১৯৫২ চনত স্থাপিত হোৱা ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত পোন প্ৰথমবাৰৰ বাবে প্রাক্তন শিক্ষার্থী সন্মিলনীয়ে যোৱা ২৮ এপ্ৰিলত এখনি প্রাক্তন শিক্ষার্থী সন্মিলন এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল। সেই দিনটো প্রাক্তন শিক্ষার্থীসকলৰ বাবে এক স্মৰণীয় দিনত পৰিণত হৈছিল। অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ বাবে প্ৰাক্তন শিক্ষার্থীসকলে স্বতঃস্ফুর্ট ভাবে অৰিহনা আগবঢ়াইছিল।

Leave A Reply

Your email address will not be published.