Breaking

মেধাৰ ভিত্তিত স্কুটী লাভ কৰা শিক্ষাৰ্থীকলৈ পৰিবহণৰ ব্যতিক্ৰমী পদক্ষেপ..

0 23

গুৱাহাটী,১ জুলাই ঃ উচ্চতৰ মাধ্যমিকত মেধাৰ ভিত্তিত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ পৰা স্কুটি লাভ কৰা ২,৯০৭গৰাকী শিক্ষাৰ্থীক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়ে পৰিবহণ বিভাগে। কাইলৈ প্ৰথম দিনটোত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইতিমধ্যে মহানগৰীৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান নিশ্চিত কৰা বুলি উল্লেখ কৰি পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে মেধাৱী শিক্ষাৰ্থীসকলৰ দ্বাৰা অনাগত দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত বাহন চালনাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গঢ়ি তোলাটোৱে প্ৰশিক্ষণৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে।

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদত ৰাতিপুৱা ১১বজাত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিৰ উপস্থিতিত প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰা হ’ব। শিক্ষাৰ্থীসকলক এই প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত অভিভাৱক সকলক পাৰ্যমানে সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়। উল্লেখ্য যে, প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধনৰ পিছতে আগন্তুক ৩১জুলাইলৈকে প্ৰতিটো খোলা দিনতে মহানগৰ জিলাখনৰ ১০০গৰাকীকৈ শিক্ষাৰ্থী, সৰ্বমুঠ ২,৯০৭ গৰাকীক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজে কেনেকৈ উলিয়াব পাৰি সেই সন্দৰ্ভতো প্ৰশিক্ষণত জ্ঞান প্ৰদান কৰা হ’ব।

Leave A Reply