ব্যতিক্ৰমী ফুটবল খেলেৰে শ্ৰদ্ধা জ্ঞাপন বোকাখাতৰ অৱসৰমুখী অধ্যাপকলৈ…

বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সুবোধ বৰা উজনি অসমৰ এগৰাকী সুদক্ষ খেলুৱৈ, ক্ৰীড়া লেখক, স্থানীয় স্তৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সফল ক্ৰীড়া সংগঠক তথা অঞ্চলটোৰ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে খেলুৱৈৰ মাৰ্গ-দৰ্শক ৰূপে সু পৰিচিত ব্যক্তি। সুদীৰ্ঘ কাল শিক্ষকতাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই যোৱা অধ্যাপক গৰাকীৰ অৱসৰৰ প্ৰাক মূহুৰ্তত তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি অনুষ্ঠিত হ’ল এখন ব্যতিক্ৰমী প্ৰীতি ফুটবল খেলৰ। গোলাঘাট জিলাৰ বিভিন্ন মহাবিদ্যালয়ত কৰ্মৰত আৰু ক্ৰীড়া চৰ্চাৰ লগত জড়িত শিক্ষক কৰ্মচাৰী সকলৰ যৌথ উদ্যোগত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ খেল পথাৰত যোৱা ১৯ মাৰ্চত উক্ত খেলখন অনুষ্ঠিত হৈ যায়। উপস্থিত শিক্ষক কৰ্মচাৰী সকলৰ মাজৰ পৰা অনুৰ্দ্ধ ৪৫ বছৰ আৰু ৪৫ বছৰৰ উৰ্দ্ধৰ দুটা দল গঠন কৰি হোৱা খেলখনৰ প্ৰাক মূহুৰ্তত জে ডি এচ জি মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল গগৈ, ক্ৰীড়া পেঞ্চনাৰ ৰেৱকান্ত হাজৰিকা, প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী দ্বিপেন শইকীয়া আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সুদক্ষ খেলুৱৈ চন্দ্ৰ প্ৰসাদ তামুলীৰ লগত খেলুৱৈসকলৰ পৰিচয় কৰোৱা হয়।

বিশেষ আমন্ত্ৰিত খেলুৱৈ হিচাপে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সুদক্ষ খেলুৱৈ পবিত্ৰ গগৈয়ে খেলখনত অংশগ্ৰহণ কৰে। স্থানীয় সংবাদকৰ্মী, খেলুৱৈ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতী, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু যথেষ্ট সংখ্যক ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা খেলখনত অনুৰ্দ্ধ ৪৫ বছৰৰ দলটো ৩-১ গোলত জয়ী হয়। খেলৰ অন্তত বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা খেলুৱৈ সকলে অধ্যাপক সুবোধ বৰাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অধ্যাপক গৰাকীয়েও খেলখনৰ আয়োজক, ব্যৱস্থাপক, জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, খেলুৱৈ শিক্ষক কৰ্মচাৰীবৃন্দ, সংবাদ কৰ্মী আৰু দৰ্শক সকললৈ ধন্যবাদ জ্ঞাপন কৰে। খেলখনৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠানৰ আঁত ধৰে জে ডি এচ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ সভাপতি ড° অৰুণ কুমাৰ বৰাই। 

Related Articles