Breaking

মৰিয়নীৰ নিউ সোনোৱাল চাহ বাগিছাত উত্তেজনা।

0 2,034

সোমবোৰে পুৱা এগৰাকী ৰোগী বাগিছা খনৰ চিকিৎসালয়লৈ অনাৰ পাছত উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে চিকিৎসালয় খনত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয় ইয়াৰ পাছতে বাগিচাৰ চিকিৎসালয় খনত শ্ৰমিকসকলে তলা লগায় দিয়ে । বাগিচাৰ শ্ৰমিকসকলৰ অভিযোগ চিকিৎসালয়ত নাই এগৰাকী স্থায়ী ডাক্তৰ,কম্পাউণ্ডৰ নাই এগৰাকী স্থায়ী নাৰ্চ আনহাতে চিকিৎসা লয়ত নাই এখন এম্বুলেঞ্চ।যাৰ ফলত সময় মতে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে পূৰ্বতে বহুকেইগৰাকী শ্ৰমিকে মৃত্যুবৰণ কৰিছে।

বাগিছাৰ শ্ৰমিকসকলে ২৪ ঘন্টা ভিতৰত বাগিছাত স্থায়ী নাৰ্চ,ডাক্তৰ,এম্বুলেন্স সুবিধা কৰিবলৈ দাবী জনায় বাগিচাৰ কতৃপক্ষক, উল্লেখযোগ্য যে দুদিনৰ পূৰ্বেও উপযুক্ত চিকিৎসাৰ অভাৱত বাগিচাখনৰ আন এজন শ্ৰমিক মৃত্যু মুখত পৰিছিল।।

Leave A Reply

Your email address will not be published.