Breaking

অসম অলিম্পিক সন্থাৰ অধীনৰ অসম মল্লযুঁজ সন্থাৰ কাৰ্যনিৰ্বাহক সভা…

0 23

অসম অলিম্পিক সন্থাৰ অধীনৰ অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা শুক্ৰবাৰে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত অসম মল্লযুঁজ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাপতি ৰাতুল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সন্থাৰ যুটীয়া সম্পাদক নাৰায়ন বসুমতাৰীয়ে। সন্থাৰ সভাপতি ৰাতুল শৰ্মাই জনোৱা অনুসৰি প্ৰবীণ মল্লযুঁজ খেলুৱৈ তথা সন্থাৰ সম্পাদক গৌৰাঙ্গ ৰায়ৰ নেতৃত্বত এখন ১৩জনীয়া টেকনিকেল সমিতি গঠন কৰা হয়।

টেকনিকেল সমিতিৰ সদস্যসকল ক্ৰমে অনুস্তুপ নৰহ, বিশ্বজিৎ নাথ, হৃদয় নাথ, পাপু চাওতাল, উৎপল দাস, জোনমণি দাস, এলবাৰ্ট বসুমতাৰী, অবিনাষ দাস, ফাইজুৰ আহমেদ, পম্পী দাস, কংকন নাথ, দিপাংকৰ মজুমদাৰ আৰু ধনেশ্বৰ বসুমতাৰী। এই সমিতিখনে খেলুৱৈ বাছনিৰ ক্ষেত্ৰত সকলো দিশ চোৱা চিতাৰ দায়িত্বত থাকিব। আনহাতে নতুনকৈ তিনিগৰাকী সহযোগী যুটীয়া সম্পাদক ক্ৰমে জোনমণি দাস, মনজিৎ হাজৰিকা, সঞ্জীৱ পাল আৰু দুগৰাকী সহযোগী কাৰ্যকৰী সদস্য ক্ৰমে ত্ৰিনয়ন বৰ্মন, কমল তামুলীক নিযুক্তি দিয়া হয়। আজিৰ কাৰ্যনিৰ্বাহক সভাত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই।

Leave A Reply

Your email address will not be published.