Breaking

আনুষ্ঠানিক ভাৱে গেৰুৱা হ’ল অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালা

0 2,023

আজি দিনৰ ১১ বজাত ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সদ্য কংগ্ৰেছ ত্যাগী অজন্তা নেওগ  আৰু ৰাজদ্বীপ গোৱালায়ে পিন্ধিলে গেৰুৱা বসন ৷ কংগ্ৰেছ নেত্ৰী তথা গোলাঘাটৰ প্ৰাক্তন বিধায়িকা, সদ্য পদত্যাগী কংগ্ৰেছ বিধায়ক ৰাজদ্বীপ গোৱালাৰ লগতে গৌৰিপুৰৰ প্ৰাক্তন বিধায়ক বলিন মুছাহাৰীয়েও পিন্ধিলে গেৰুৱা বসন ।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰৰ লগতে আন একাংশ বিজেপিৰ শীৰ্ষ নেতাৰ উপস্থিতিত তিনিও গৰাকী নেতাই বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।

যোগদান কৰাৰ লগে লগে তিনিওগৰাকীয়ে লাভ কৰিলে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আসন।

তিনিওগৰাকী ব্যক্তিৰ যোগদানে ১০০ ৰ লক্ষ্যলৈ আগবাঢ়ি যোৱাত আমাক সহায় কৰিব আৰু সকলো মিলি আমি লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়িম  বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

যোগদান কৰিয়েই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ অজন্তা নেওগ । নিজকে ন-বোৱাৰীৰে কৰিলে তুলনা কৰি গোলাঘাটৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে কয়, ”যিসকল ব্যক্তিয়ে এই দলটোত যোগদান কৰাৰ ক্ষেত্ৰত মানসিকভাৱে অনুপ্ৰেৰণা যোগালে তেওঁলোকক ধন্যবাদ জনালো।” কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ পোৱাৰ পিছতে যোগদান কৰাৰ কথা নেওগে কয়।

মোক সন্মান সহকাৰে ৰাখিব লাগিব বুলি দলক কৈছিলো আৰু পূৰ্ব স্বৰ্ত নোহোৱাকৈ দললৈ আহিছো বুলি নেতাগৰাকীয়ে কয়। যোগদান কৰিয়েই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ নেত্ৰীগৰাকী। দলটোৰ ভৱিষ্যতক চাইহে যোগদান কৰা বুলি মন্তব্য নেত্ৰীগৰাকীৰ।

Leave A Reply

Your email address will not be published.