Breaking

প্ৰকৃতিৰ তাণ্ডৱ! বজ্রপাতত নলবাৰীত বিস্তৰ ক্ষতি সাধন…

0 21

নলবাৰী জিলাৰ মুকালমুৱাৰ চৰাঞ্চলত দেওবাৰে নিশা হোৱা ধুমুহা, বজ্ৰপাতৰ তাণ্ডৱ। বজ্ৰপাতৰ ফলত ২নং কাপলাবৰী চৰৰ কঁপিল আলীৰ নামৰ লোকজনৰ বিস্তৰ ক্ষতি সাধন হয়। দেওবাৰে সন্ধিয়া আনুমানিক ৬:৩০ বজাত কঁপিলৰ ঘৰত বজ্ৰ পৰি জুইৰ সুত্ৰপাত হয়।

ফলত ঘৰটোত থকা তিনিটা গৰু, ছয়টা ভেড়া আৰু ছাগলী এটাৰ মৃত্যু হয়। লগতে প্ৰয়োজনীয় নথি পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকা জুইত ভস্মীভূত হয়। ইতিমধ্যে পৰিয়াৰ লোকে স্থানীয় গাঁও প্ৰধান, আৰক্ষী প্ৰশাসনৰ লগতে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোক চৰকাৰ তথা প্ৰশাসনক সহায় কৰাৰ আহ্বান জনায় স্থানীয় লোকে।

Leave A Reply