ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি

অসমৰ অন্যতম সৰ্ববৃহৎ ৰাস বিশ্বানাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱৰ আজি লাই খুটা স্থাপন কৰা হয়। বিশ্বনাথৰ ৰেল গেট ৰাস বাকৰিত গায়ন বায়নৰ গুৰু ঘাটৰ মাজৰে এই লাই খুটা ভাগ স্থাপন কৰে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকাই। লাই খুটা স্থাপন কৰি হাজৰিকাই অহা ১৮আৰু১৯ নৱেম্বৰ ত দুদিনীয়াকৈ অনুষ্ঠিত হব লগীয়া শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস লীলা সফল কৰি তুলিবৰ বাবে ৰাইজলৈ আহ্বান জনায়। ৰাস উদযাপন সমিতিৰ অন্যতম সম্পাদক গৌতম দাধৰাই আঁত ধৰা অনুষ্ঠান ত কাৰ্যকৰী সভাপতি বসন্ত বৰা, সম্পাদক ঈশ্বৰ শইকীয়া,দিলীপ শইকীয়া,ধনটি দত্ত,বিচিত্ৰ ভূঞা প্রাক্তন সম্পাদক,ভাওনা সমিতিৰ সভাপতি বোধন বৰুৱা,সংগীত সমিতিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বহু সংখ্যক বিষয় ববীয়া উপস্থিতি থাকে।উল্লেখ্য যে অহা১৮আৰু ১৯নৱেম্বৰত দুদিনীয়া কৈ আয়োজন কৰা হৈছে  বিশ্বনাথ ৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ সমিতিৰ ২৪সংখ্যক ৰাসোৎসৱৰ।ৰূপালী জয়ন্তী আদৰণি বৰ্ষ হিচাবে লৈ আয়োজন কৰা এই ৰাস মহোৎসৱ ক লৈ ইতিমধ্যে ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।দুইটা নিশাই শ্ৰীমন্ত শংকৰদেৱৰ কেলি গোপাল নাটৰ উপৰি  দৈৱকীৰ বিবাহ , পুতনা বধ, নন্দোৎসৱ নাটিকা ৰ আয়োজন কৰা হৈছে। ৰাস মহোৎসৱ সফল কৰি তুলিবলৈ আহ্বান জনাইছে উদ্যোগতা 

Related Articles