Breaking

২৪ জুলাইৰ পৰা আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰী মনসা পূজা উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি…

0 48

বিগত ২০২৩ চনত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কেওটপাৰাস্থিত শ্ৰী শ্ৰী মনসা মন্দিৰত অনুষ্ঠিত শ্ৰী শ্ৰী মনসা পূজাৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী সুকলমে উদযাপন কৰাৰ পাছত অহা ২৪ জুলাইৰ পৰা পাঁচদিনীয়াকৈ ৫১ সংখ্যক শ্ৰী শ্ৰী মনসা পূজা উদযাপনৰ আয়োজন কৰা হৈছে। ২৪ জুলাইত সন্ধিয়া ৭.৩০ বজাত প্ৰতিমা স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। ২৫ জুলাইৰ পৰা ২৭ জুলাইলৈ দৈনিক দেউধা নাচ, আৰতি, ওজাপালি, পুৰুষ আৰু মহিলাৰ নাগাৰা নাম, আদি অনুষ্ঠিত হব। ২৮ জুলাই শেষৰ দিনা সন্ধিয়া ৭ বজাত কেওটপাৰা ৰাজহুৱা পুখুৰীত প্ৰতিমা বিসৰ্জন দিয়াৰ পাছত নিশা ৯ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইফালে উদযাপন সমিতিৰ কাৰ্যকৰী সদস্য শিৱ দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে শ্ৰী শ্ৰী মনসা পূজাৰ বাবে স্থাপন কৰিবলগীয়া বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি সমূহ পূজা থলীত সাজু কৰি তোলা হৈছে। আনহাতে পূজা পৰিচালনাৰ বাবে নিৰেণ কুমাৰ দাসক সভাপতি,লঙ্কেশ্বৰ মেধি আৰু গোলক দাসক উপ সভাপতি, ৰত্নেশ্বৰ দাসক সাধাৰণ সম্পাদক, অজিত দাস, পৰেশ দাস আৰু শংকৰ ভড়ালীক সহকাৰী সম্পাদক, পংকজ দাসক কোষাধ্যক্ষ হিচাপে লৈ কেওটপাৰা শ্ৰী শ্ৰী মা মনসা দেৱী পূজা সমিতিখন গঠন কৰা হৈছে।

Leave A Reply

Your email address will not be published.