Breaking

ৰাভা লোক কৃষ্টিৰ কৰ্মশালাক লৈ ভেৰগাঁ‌ও দোংপাৰাত ব্যাপক প্ৰস্তুতি

0 2,254

ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আৰু ভেৰগাঁ‌ও আঞ্চলিক ৰাভা সংগঠন সমূহৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁ‌চ দিনিয়া কাৰ্যসূচীৰে ভেৰগাঁ‌ও দোংপাৰাত চতুৰ্থ বাৰ্ষিক ৰাভা লোক কৃষ্টিৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব যাক লৈ প্ৰস্তুতি অব্যাহত ৰাখিছে।উল্লেখ্য যে ৰাভা লোক কৃষ্টিৰ ওজা প্ৰয়াত ৰাজেন পামৰ সোঁ‌ৱৰণীত বিগত তিনিটা বছৰে ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ সহযোগত ৰাভা সকলৰ লোক কৃষ্টিৰ কৰ্মশালা আয়োজন কৰি আহিছে ইয়াৰ পৰিপেক্ষিতত এইবেলিও ৰাভা লোক কৃষ্টি সমূহ জীয়াই ৰখাৰ লগতে  বিশ্বৰ দৰবাৰত ৰাভা সকল যে কলা, সাংকৃষ্টিৰ ক্ষ্যত্ৰত কনো গুণে কম নহয় সেয়া নৱ প্ৰজন্মক অৱগত কৰোৱাৰ উদ্দেশ্যৰে এই কৰ্মশালাৰ আয়োজন কৰিছে। অহাঁ‌ ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁ‌চ দিনিয়া কৰ্মশালাৰ কাৰ্যসূচী মৰ্মে  ৮ তাৰিখ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ৭-৩০ বজাতঃ থাকিব  পতাকা উদুঙি অৰ্থাৎ পতাকা উত্তোলন, মুখ্য উত্তোলক হিচাপে থাকিব ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি ৰিতুপৰ্ণ ৰাভা, আনহাতে চতুৰ্থ বাৰ্ষিক কৰ্মশালাৰ চাৰিখন পতাকা উত্তোলন কৰিব ক্ৰমে মদন ৰাভা ভেৰগাঁ‌ও আঞ্চলিক সদৌ ৰাভা জাতীয় পৰিষদ ARNC ৰ সভাপতিমনোৰঞ্জন ৰাভা ভেৰগাঁ‌ও আঞ্চলিক বেবাক ৰাভা ক্ৰৌৰাং ৰুঞ্চুম চমুকৈ BRKRৰ সভাপতিলক্ষ্মী ৰাভা ভেৰগাঁ‌ও আঞ্চলিক সদৌ ৰাভা মহিলা পৰিষদ ARWCৰ সভানেত্ৰীজীৱন ৰাভা ভেৰগাঁ‌ও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ARSUৰ সভাপতি থাকিব আনহাতে দ্বিতীয় কাৰ্যসূচী মৰ্মে ৮ বজাতঃ ৰাভা কৃষ্টিৰ ওজাঁ‌ প্ৰয়াত ৰাজেন পামৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ মাল্যাৰ্পক হিচাপে থাকিব ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত দেৱ কুমাৰ ৰাভাই। পিছৰ কাৰ্যসূচী মৰ্মে ৯ বজাত কৰ্মশালাৰ উদ্ধোধন কৰিব বিটিআৰ   মনোনীত সদস্য হেমন্ত ৰাভাই আৰু থিক ১০ বজাৰ পৰা পাঁ‌চ দিনিয়া কৰ্মশালাৰ সুভাৰম্ভ হ’ব আবেলি ৪-৩০ বজাত দৈনিক কৰ্মশালা সামৰণি লগতে নিতৌ সন্ধিয়া ৬ বজাত চাতি তীপাককায় বা বন্তি প্ৰজ্বলন থাকিব। আনহাতে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ৭-৩০ বজাৰ পৰা  আৰদিচিনি বা ভক্তিমূলক প্ৰাৰ্থনা আৰু, ৯ বজাত কৰ্মশালা আৰম্ভ হৈ আবেলি ৪-৩০ বজাত কৰ্মশালা সামৰণি আৰু সন্ধিয়া থিক ৬ বজাত চাতি তীপাককায়  বা বন্তি প্ৰজ্বলন থাকিব এনেদৰে নিৰন্তৰ ১১ ডিচেম্বৰ চতুৰ্থ দিনৰ কৰ্মশালালৈ একেধৰণৰ কাৰ্যসূচী থাকিব। কিন্তু অন্তিম দিনা ১২ ডিচেম্বৰ তাৰিখে কাৰ্যসূচী মৰ্মে থাকিব পুৱা ৭-৩০ বজাত আৰদিচিনি, আৰু ৯ বজাত কৰ্মশালা আৰম্ভ হৈ ৪-৩০ বজাত সামৰণি হৈ ৫ বজাত বন্তি প্ৰজ্বলনৰ মুখ্য প্ৰজলক হিচাপে থাকিব ৰাভা হাচং স্বায়ত্ত শাসিদ পৰিষদৰ কাৰ্যবাহী  টংকেশ্বৰ ৰাভা  আৰু লগত প্ৰজ্বলক হিচাপে থাকিব কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই। পৰৱৰ্তি কাৰ্যসূচী মৰ্মে সন্ধিয়া ৬ বজাত সম্বৰ্ধনা ও সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব মিছন বিৰুৱালাৰ অধ্যক্ষ তথা পদ্মশ্ৰী বঁ‌টাৰে অভিভূত বিৰুৱালা ৰাভাই। আনহাতে বিশিষ্ট অতিথিৰ আসন অলংকৃতি কৰিব  সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি প্ৰকাশ ৰাভা সহ মিষ্টাৰ ৱৰ্ড গোলাপ ৰাভা, অন্তৰাষ্ট্ৰীয় খেলুৱৈ বলেন ৰাভাৰ লগতে ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সভাপতি লক্ষী ৰাভা সহ প্ৰদিপ ৰাভা আৰু দ্বিপজ্যতি ৰাভা থাকিব লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে ওদালগুৰি জিলা আৰছুৰ সভাপতি হেমেন ৰাভাওদালগুৰি জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী অহল্যা ৰাভাৰ লগতে ওদালগুৰি জিলা বাইখৌ সমিতিৰ সম্পাদক লহিত মেজেমব্ৰাই লগতে প্ৰসন্ন ৰাভা,।অন্তিম কাৰ্যসূচী মৰ্মে ১২ তাৰিখৰ সন্ধিয়া ৭ বজাৰ পৰা থাকিব সাংস্কৃতিক সন্ধিয়া, “উদ্ধোধন কৰিব কৌতুক অভিনেতা বিপুল ৰাভাই আৰু আমন্ত্ৰিত শিল্পী হিচাপে থাকিব ‘বিবি ৰাভা আৰু জনপ্ৰিয় কন্ঠ শিল্পী কুমাৰ ভৱেশ ডাঙৰীয়াইসেয়েহে অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁ‌চ দিনিয়া কৰ্মশালাৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰু অধিক ৰেঙনি কৰি তুলিবলৈ  উদ্যোগতা সকলে  সকলোৰে উপস্থিতিতি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.