External Affairs Minister Jaishankar: এছ চি অ’ ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ যাব ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ

দৈনন্দিন বাৰ্তা, ৫ অক্টোবৰঃ বহু বছৰৰ অন্তত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ভ্ৰমণ কৰিব পাকিস্তান। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে পাকিস্তান ভ্ৰমণ কৰিব। শুকুৰবাৰে এই ঘোষণা কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে।(External Affairs Minister Jaishankar)

বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বিদেশ মন্ত্ৰী জয়শংকৰে ১৫ আৰু ১৬ অক্টোবৰত ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ সন্মিলনৰ বাবে পাকিস্তানলৈ যাবলগীয়া এটা প্রতিনিধি দলৰ নেতৃত্ব দিব৷ অক্টোবৰৰ মাজভাগত পাকিস্তানে আয়োজন কৰিছে চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) চৰকাৰৰ মুৰব্বী পৰিষদৰ বৈঠক। জয়ছৱালে স্পষ্ট কৰি দিয়ে যে, এই মুহূৰ্তত মন্ত্ৰী জয়শংকৰে পাকিস্তান ভ্ৰমণৰ সময়ত হ’ব পৰা কোনো দ্বিপাক্ষিক আলোচনাৰ বিষয়ত কোনো কথা প্ৰকাশ কৰা নাই।(SCO Conference)

আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অংশ হিচাপে পাকিস্তানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছিল। কিন্তু মোদীৰ সলনি জয়শংকৰে পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য এছ চি অ’ৰ বৈঠকত ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণৰ প্ৰয়োজন নাই আৰু বিগত সময়ত ভাৰতীয় মন্ত্ৰী প্ৰতিনিধি দলেই অংশগ্ৰহণ কৰি আহিছে।(pakistan)

“প্ৰধানমন্ত্ৰী মোদী আৰু আন সকলো সদস্য ৰাষ্ট্ৰলৈ আমন্ত্ৰণ প্ৰেৰণ কৰাটো যিকোনো আয়োজক দেশে মানি চলা এটা বাধ্যতামূলক প্ৰট’কল। পাকিস্তানেও সেয়া কৰিছে। মই এয়া ৰাজনৈতিক চমক বুলি নাভাবো। ।” ৰাজনৈতিক বিশ্লেষক কামৰাণ ইউছুফে কয়।(narendra modi)

উল্লেখ্য বিগত বছৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে এছ চি অ’ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল।(Pakistan’s Foreign Minister Billal Bhutto Zardari)

চৰকাৰী পৰ্যায়ৰ মুৰব্বীসকলৰ এছ চি অ’ পৰিষদ হৈছে গ্ৰুপিঙৰ দ্বিতীয় সৰ্বোচ্চ সংস্থা। ২০১৭ চনৰ পৰা ভাৰতে বৈদেশিক দপ্তৰ বা প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ত প্ৰতিনিধিত্ব কৰি আহিছে।(Jaishankar To Attend SCO Summit In Pakistan)

২০২০ চনত যেতিয়া ভাৰতে ভাৰ্চুৱেলভাৱে এছ চি অ’ৰ বৈঠক আয়োজন কৰিছিল, তেতিয়া পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা সংসদীয় সচিবে। এই এছ চি অ’ত ভাৰত, চীন, ৰাছিয়া, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তান অন্তৰ্ভুক্ত হৈ আছে। ই এক অৰ্থনৈতিক আৰু নিৰাপত্তা গোট , যিয়ে অন্যতম বৃহৎ আঞ্চলিক আন্তঃৰাষ্ট্ৰীয় সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে।

Related Articles