Breaking

ৰঙিয়াৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ চৰম অৰাজকতা ! ৪০০ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি ইউক্লিড‍ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ…

0 47

ৰঙিয়াত শিক্ষাৰ নামত চৰম পৰ্যায়ত ব্যক্তিগত শিক্ষানুষ্ঠান। ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলত একাদশ শ্ৰেণীত নামভৰ্তি কৰোৱা প্ৰায় 400 ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালী শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষৰ। আজি পৰ্য্যন্ত কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰায় 400 গৰাকী শিক্ষাৰ্থীক দৰ্পণ পৰ্টেলত নামভৰ্তি কৰোৱা নাই কৰ্তিপক্ষয়। ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দৰ্পণ ৱেবত শিক্ষাৰ্থীৰ নামভৰ্তিৰ সময়সীমা শেষ হৈছে। উল্লেখযোগ্য যে ইউক্লিড চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নাই কোনো শিক্ষা বিভাগৰ চৰকাৰী অনুজ্ঞাপত্ৰ।

সংবাদ মাধ্যমৰ আগত চৰকাৰী অনুমতি অনতিপলমে লাভ কৰিব বুলি দায় সৰা মন্তব্য অনুষ্ঠান খনৰ অধ্যক্ষৰ। আনফালে এক সবিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অনুমতি পোৱাৰ বাবে উপযুক্ত নথি পত্ৰও নাই উক্ত শিক্ষানুষ্ঠান খনৰ। আনহাতে কোনো চৰকাৰী শিক্ষানুষ্ঠানৰ অধীনত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক, এই ক্ষেত্ৰতো নিষেধাজ্ঞা আছে উচ্চতাৰ মাধ্যমিক শিক্ষা সংসদৰ।

ছাত্ৰ ছাত্ৰী অথা অভিভাৱক সকলক আন্ধাৰত ৰাখি‌ এনেদৰেই এইখন অনুষ্ঠানে চলাই গৈছে ব্যৱসায়। এতিয়া প্ৰশ্ন হয় ,কাৰ ভুলৰ বাবে এটাকৈ বৰ্ষ বিনষ্ট কৰিব ছাত্ৰ ছাত্ৰীয়ে ? কামৰূপ জিলা ছাত্ৰ সন্থাই এইক্ষেত্ৰত জিলা শিক্ষা বিষয়াৰ হস্তক্ষেপ কামনা কৰিছে। অভিভাৱক সকলকো নিজ ছাত্ৰ ছাত্ৰীয়ে নাম লোৱা শিক্ষানুষ্ঠান খনৰ বিষয়ে জনাটো প্ৰযোজন। যদিহে কোনো এগৰাকী ছাত্ৰ ছাত্ৰী নিজৰ শৈক্ষিক ভৱিষ্যত নষ্ট কৰিবলগী়য়া হয় তেন্তে কামৰূপ জিলা ছাত্ৰ সন্থাই ব্যবস্থা গ্ৰহণ কৰিব।

লগতে পঢ়ক : দেশত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ চৰমপন্থাৰ হাৰ…

Leave A Reply

Your email address will not be published.