গ্ৰাম্যাঞ্চলৰ কৃষক ৰাইজক চৰম প্ৰতাৰণা কৃষি বিভাগৰ

 দেশৰ ধৰণী ধৰোতা খাতি খোৱা
গ্ৰাম্যাঞ্চলৰ কৃষক ৰাইজক ৰাম টাঙোণ সোধাইছে ৰাজ্যৰ কৃষি বিভাগে। অলপতে পঞ্চায়ত সমূহলৈ  যোগাণ ধৰা “অমৃত সাগৰ”  উন্নত মানৰ কলৰ জাতৰ নামত শুকাই আৰু গেলি-পচি যোৱা কলৰ মধনুৱা দেখি খেতিয়কৰ চকু কপালত উঠিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে শিৱসাগৰ জিলা কৃষি বিষয়া নিহাৰ ৰঞ্জন বৰুৱাৰ তত্বাবধানত হাঁহচৰা আৰু চেৰেকাপাৰ গাঁও পঞ্চায়তলৈ যোগান ধৰা উন্নত মানৰ কলৰ জাতৰ “অমৃত সাগৰে” এতিয়া সচাঁকৈয়ে পাৰা-পাৰ হীন সাগৰ সদৃশ ভাৱনাই  কৃষক ৰাইজক বাৰুকৈয়ে চিন্তাত পেলাইছে। উল্লেখ্য যে বিগত বছৰ বছৰ ধৰি বিভিন্ন সময়ত কৃষি বিভাগে কৃষক সকলক বীজ যোগানৰ ক্ষেত্ৰত বহুৱালি কৰি আহিছে। কণা হাহঁক পতান ধান দিয়াৰ দৰে,পঞ্চায়তে পঞ্চায়তে শিৱসাগৰ কৃষি বিভাগৰ দ্বাৰা গ্ৰাম্যাঞ্চলৰ কৃষক ৰাইজক শুকান,গেলি-পচি যোৱা পুলি যোগান ধৰাক লৈ স্থানীয় ৰাইজৰ ক্ষোভত জ্বলি উঠে। মাহে মাহে চৰকাৰি বেতন লাভ কৰি অহা বেতন ভুগি সকলে সাধাৰণ কৃষক সকলৰ জীৱনৰ ওপৰত হেতালী খেলিবলৈ কেতিয়া এৰিব এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে।
কিন্তু এইটো ঠিক  বিভাগীয় কতৃপক্ষই সময় থাকোতে ইয়াৰ সঠিক ব্যৱস্থা নললে, কৃষি বিভাগৰ প্ৰতি ৰাইজে আস্হা হেৰুৱাই পেলাব সেইয়া নিশ্চিত। গতিকে কৃষি বিভাগে কৃষক সকলক বীজ যোগান ধৰাৰ নামত চৰম প্ৰতাৰণা কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিছে।
 

Related Articles