১৭ ফেব্ৰুৱাৰী, ২০২৫ঃ Tamulpur Higher Secondary School । তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ দ্বাৰা নকল কৰাৰ ঘটনা পোহৰলৈ আহিছে। পৰীক্ষাৰ কেন্দ্ৰত নিৰীক্ষকৰ উপস্থিতিত শিক্ষাৰ্থীয়ে মোবাইল ফোনৰ সহায়ত উত্তৰ লিখাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিষয়টো ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত ।

এই ঘটনাৰ প্ৰেক্ষাপটত সংশ্লিষ্ট কতৃৰ্পক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে। বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাক কেন্দ্ৰৰ তত্বাবধায়কৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে। লগতে, জিলা আয়ুক্তৰ নিৰ্দেশত এই সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ জৰিয়তে পৰীক্ষাৰ কেন্দ্ৰত হোৱা শৃংখলাভংগ আৰু গাফিলতিৰ বিষয়ে অধিক তথ্য উদঘাটন কৰা হ’ব।
শিক্ষাৰ্থীৰ দ্বাৰা মোবাইল ফোন ব্যৱহাৰ কৰি নকল কৰাৰ ঘটনাই ৰাজ্যৰ শিক্ষাৰ পৰিৱেশৰ ওপৰত প্ৰশ্ন উঠাইছে। শিক্ষাৰ শুদ্ধতা ৰক্ষাৰ স্বার্থত চৰকাৰী আৰু শিক্ষাখণ্ডৰ বিষয়ববীয়াই কড়া পদক্ষেপ লোৱাৰ আহ্বান জনাইছে।
তদন্তৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।