Fake Officerভুৱা ৰাজহ চক্ৰ বিষয়া

Fake Officer ভুৱা ৰাজহ চক্ৰ বিষয়া বুলি পৰিচয় দিছিল মহিলাগৰাকীয়ে!নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ কৰ্মচাৰী মহিলাগৰাকী!মীনাক্ষী নেওগ নামৰ এগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছিল ডেৰ লাখ টকা!জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চাকৰি দিয়াৰ নামত লৈছিল ধন!মহিলাগৰাকীৰ স্বামীও এগৰাকী অধিবক্তা!নগাঁও সদৰ আৰক্ষীয়ে ৯৪২/২৪ নম্বৰ গোচৰত মহিলাগৰাকীক প্ৰেৰণ কৰিছে জেললৈ!

দৈনন্দিন বাৰ্তা নগাঁও 25চেপ্তেম্বৰ
Fake Officer নগাঁও আৰক্ষীৰ জালত এগৰাকী ভুৱা ৰাজহচক্ৰ বিষয়া। ভুৱা ৰাজহচক্ৰ বিষয়াৰ পৰিচয় প্ৰদান কৰি মাটি-বাৰিৰ গোচৰ নিষ্পত্তি বাবদ আৰু চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন।ভুৱা ৰাজহচক্ৰ বিষয়াৰ পৰিচয় প্ৰদান কৰি নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱীয়ে অনলাইন যোগে ২০ হাজাৰ টকা লৈছিল মিনাক্ষী নেওঁগৰ নামৰ মহিলা গৰাকীৰ পৰা।স্বামীক সত্ৰ ন্যায়াধীশৰ আদালতত নৈশচকিদাৰ চাকৰি দিয়াৰ নামতো মিনাক্ষী নেওঁগৰ পৰা ৰাজশ্ৰী দেৱী নামৰ কৰ্মচাৰী গৰাকীয়ে ডেৰ লক্ষাধিক টকা দাবী কৰাৰ অভিযোগ।ধন সংগ্ৰহৰ ক্ষেত্ৰত ৰাজশ্ৰী দেৱীক সহযোগ কৰাৰ অভিযোগ ৰিমি কলিতা নামৰ আন এগৰাকী মহিলাৰ ওপৰতো।ৰিমি কলিতাৰ জৰিয়তে ৰাজশ্ৰী দেৱীয়ে মিনাক্ষী নেওঁগৰ পৰা মাটি-বাৰিৰ বিবাদ নিষ্পত্তিৰ নামত পূৰ্বেও প্ৰায় ১লাখ ৩০হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ।নগাঁও সদৰ আৰক্ষী থানত ৰুজু হোৱা ৯৪২/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত ৰাজশ্ৰী দেৱীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে।

অধিক খৱৰ পঢ়িবলৈ

জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা

Related Articles