Fake recruitment: দৰঙত ভূৱা নিযুক্তিকাৰী, যুৱকক গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তাৰ প্ৰতিনিধি, ২৬ ছেপ্টেম্বৰঃ (Sipajhar)ছিপাঝাৰৰ প্ৰনব চহৰীয়া নামৰ যুবক এজনক আজি মঙলদৈ সদৰ আৰক্ষীয়ে ভূৱা নিযুক্তিৰ সৈতে জড়িত থকাৰ অপৰাধত গেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মঙলদৈ কেন্সাৰ কেয়াৰ হস্পিটালত যোগদানৰ বাবে ৬ গৰাকী যুৱকে নিযুক্তি পত্ৰ লৈ উপস্থিত হৈছিল৷ কিন্তু যুৱক কেইজন চিকিৎসালয় খনত উপস্থিত হোৱাৰ পিছতহে ওলায় পৰে জোলোঙাৰ মেকুৰী৷ যুৱক কেইজনে চিকিৎসালয় খনত উপস্থিত হৈ চিকিৎসালয় কতৃপক্ষক যোগদানৰ বাবে নিযুক্তিপত্ৰ প্ৰদান কৰাৰ পিছতেই পোহৰলৈ আহে যে যুৱক সকলক প্ৰদান কৰি নিযুক্তি পত্ৰ কেইখন যে ভূৱা নিযুক্তি পত্ৰ( Fake recruitment) ৷ লগে লগে ঘটনা সংক্ৰান্তত মঙলদৈ সদৰ থানাৰ অন্তৰ্গত বৰথেকেৰাবাৰী গাৱৰ মৃণাল বৰা, অনন্ত বৰুৱা আৰু অসীম জ্যোতি শইকীয়া নামৰ তিনি যুবকে মঙলদৈ সদৰ থানাত দাখিল কৰে এজাহাৰ৷ লগে লগে আৰক্ষীয়ে তদন্ত কৰি ভূৱা নিযুক্তি পত্ৰ প্ৰদানৰ সৈতে জড়িত থকা ছিপাঝাৰৰ পনব চহৰীয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ চিকিৎসালয় খনত ৰিচিপচনিচ, ৱাৰ্ড বয় পদৰ বাবে ৩৫,০০০ হাজাৰৰ পৰা লাখ টকালৈ সৰকাইছিল নিবনুৱা বহু কেইগৰাকী যুৱকৰ পৰা প্ৰনৱ চহৰীয়াৰ লগতে ভূৱা নিযুক্তিৰ লগত জড়িত মূল অভিযুক্ত দ্বীপেন চন্দ্ৰ বৰা আৰু দলটিয়ে৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত প্ৰনৱ চহৰীয়াক গ্ৰেপ্তাৰ কৰিছে যদিও মুল অভিযুক্ত দ্বীপেন চন্দ্ৰ বৰা নামৰ লোক জনৰ লগতে ঘটনাটোত জড়িত ব্যক্তি সকল পলাতক হৈ আছ৷ বৰ্তমান মঙলদৈ সদৰ আৰক্ষীয়ে ঘটনাটোৰ সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে আৰু মুল অভিযুক্ত দ্বীপেন চন্দ্ৰ বৰাৰ লগতে বাকীী সকলকো গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে৷ জানিব পৰামতে এই ভূৱা নিযুক্তিৰ সৈতে দ্বীপেন আৰু প্ৰনবৰ লগতে আন কেইবাজনো লোক জড়িত হৈ আছে৷

Related Articles