Breaking

ফেলকণ মহোৎসৱৰ অনুভৱঃ শিখা বেজবৰুৱা গোস্বামী

0 88

যোৱা ৩০ নবেম্বৰ আৰু ১,২ ডিচেম্বৰ ২০২৩ত তিনিদিনীয়া কাৰ্যসূচীৰে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত তথা হাফলংৰ পৰা ১৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত উমৰাংচুত নৱমত্বম ফেলকণ মহোৎসৱ (9th Falcon Festival in Umrangshu) লৈ বুলি গুৱাহাটীৰ পৰা ৰাওনা হৈছিলো।বৃহস্পতিবাৰ সন্ধিয়াৰে পৰা আৰম্ভ হোৱা নৱম ফেলকণ মহোৎসৱৰ মূল উদ্দেশ্য চাইবেৰিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অহা পৰিভ্ৰমী অমুৰ ফেলকণ পক্ষীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ।উল্লেখ্য যে নবেম্বৰ মাহতে পৰিভ্ৰমী অমুৰ ফেলকণ পক্ষীৰ আগমন ঘটে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচুত আৰু এই পৰিভ্ৰমী পক্ষীৰ আগমন চাবলৈ উমৰাংচোত বহুতো পৰ্যটকৰ আগমন ঘটে।আৰু সেয়ে ছাগে নবেম্বৰ মাহত যোৱা কেইবছৰ মানৰ পৰা উমৰাংচুত ফেলকণ ফেষ্টিভেলৰ আয়োজন কৰি অহা হৈছে।


প্ৰথম দিনাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ পৰ্যটন বিভাগীয় মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্তমল্ল বৰুৱাও উপস্থিত আছিল।ভাষণ প্ৰসংগত উমৰাংচুত দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে অনতিপলমে এখন পন্চ তাৰকা(5star)হোটেল নিৰ্মাণৰ কথাও সদৰি কৰে। মহোৎসৱৰ উদ্বোধনৰ পাছতে প্ৰথমতে ডিমা জনগোষ্ঠীৰ শিল্পীসকলে ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত বাদডিমা ,মিচ ফেলকন ফেশ্ব্যন শ্ব ‘আৰু সংগীত শিল্পী নীতি মোহনৰ সংগীতানুষ্ঠান।দ্বিতীয় দিনা নিশাও সকজিৎ আৰু পৰম্পৰা সুমধুৰ গীত পৰিবেশন,গীতৰ তালে তালে বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰায় সকলোৱে নৃত্য কৰি আমোদ ল’লে।

গুটেইবোৰ চাই ভালেই লাগিল।দিনৰ ভাগত কোনো অনুষ্ঠান নাথাকে বিপনি সমূহত দেশী বিদেশী মদ আৰু গাহৰি,মূৰ্গী আদি যেয়ে যি খাই ভাল পায় সকলো খাকে।প্ৰথম দিনা প্ৰবেশ বিনামূলীয়া আছিল যদিও দ্বিতীয় দিনাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাহিৰে বাকী সকলে টিকেট নকৰাকৈ সোমাবলৈ অনুমতি নাছিল।দ্বিতীয় দিনা জনপ্ৰিয় সংগীত শিল্পী জেকলিন আহিব বুলিও প্ৰচাৰ চলেৱাত যথেষ্ঠ মানুহৰ সমাগম হৈছিল।


সকলোখিনি ঠিকেই আছিল,খুউৱ সুন্দৰ ঠাই।কপিলি ৰিজাৰ্ভাৰৰ পাৰৰ মনোৰম প্ৰাকৃতুক পৰিবেশে সকলেকে আপোনহাৰা কৰি তুলিব।কিন্তু আমি ফেলকণ মহোৎসৱলৈ বুলি যিটো ধাৰণা মনত লৈ গৈছিলো,তাত গৈ নিৰাশ হ’লো।ভাৱিছিলো তাত ছাগে পৰ্যটকৰ কাৰণে বাইনকুলাৰ থাকিব আৰু সুদূৰ আকাশত আমিও অমূল ফেলকন পক্ষী উৰি ফুৰা দৃশ্য উপভোগ কৰিবলৈ পাম ইত্যাদি।কিন্তু সেইবোৰ অমূলক হ’ল!

এনে লাগিল পৰিভ্ৰমী পক্ষী অমূল ফেলকনৰ সুৰক্ষা,সংৰক্ষণৰ নামত সজাগতা আনিবলৈ আয়োজন কৰা বৃহৎ অনুষ্ঠানটোত ইমান উচ্চ স্বৰৰ সংগীত পৰিবেশন,মিউজিক চিষ্টেম,আতচবাজিত কিমান প্ৰজাতিৰ চৰাই মৰিল কোনে হিচাপ ৰাখিব! কেবল বনৰীয়া বা পৰিভ্ৰমী চৰাই বুলিয়েই নহয় শব্দ প্ৰদূষণত পোহনীয়া জীৱ-জন্তুৰো কিমান যে ক্ষতি হয় সেই বিষয়তহে সজাগতাৰ সৃস্টিৰ পৰিবৰ্তে এনেদৰে মহোৎসৱ পতাৰ কিবা যুক্তি যুক্ততা বা প্ৰয়োজনীয়তা অনুভৱ নকৰিলোঁ।

Leave A Reply

Your email address will not be published.