Breaking

গড়গাঁও কোৱাৰেন্টীন কেন্দ্ৰৰ আবাসী পলোৱাৰ ভূৱা বাৰ্তাঃ নাজিৰাত আটক ১ ।

0 75

নাজিৰা

নাজিৰাৰ গড়গাঁও কলেজ চাব-ডিভিজনেল কোৱাৰেন্টাইন কেন্দ্ৰত বৰ্তমানলৈকে ৫৪ জন আবাসী থকা বুলি জানিব পৰা গৈছে । সময়ে সময়ে স্বাৱ পৰীক্ষাৰ ফলাফলত নিগেটিভ পোৱা বহুকেইজন আবাসীক কেন্দ্ৰটোৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ লগতে পৰৱৰ্ত্তী সাদিন হোম কোৱাৰেন্টীন হৈ ৰোৱাৰ নিৰ্দেশনা জাৰি কৰি পঠোৱা হয় । কেন্দ্ৰটোৰ যোৱা ২৬ মে’ ত চেন্নাইৰপৰা আহি পোৱা আৰু ২৭ মে’ ত স্বাৱ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা মুঠ ৫ জনৰ দেহত ৩১ মে’ৰ ঘোষিত ফলাফলত পজিটিভ ধৰা পৰাৰ মূহুৰ্ত্তত নিশাই শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদৰ ক’ভিড -১৯ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আনহাতে ফেচবুক চ’ছিয়েল মিডিয়াযোগে নাজিৰাৰ মিণ্টু দিহিঙ্গীয়া নামৰ যুৱকজনে কালি দুপৰীয়াৰ ভাগত নাজিৰাৰ আন এজন যুৱক গড়গাঁও কোৱাৰেন্টীন কেন্দ্ৰত আবাসী হৈ ৰোৱা অৱস্থাতে তেওঁৰ নাম উল্লেখ কৰি কোৱাৰেন্টীন কেন্দ্ৰৰপৰা পলাই যোৱা বুলি এক বাৰ্তা প্ৰচাৰ কৰাৰ লগে লগে ফেচবুক অনুকৰন কৰা সকলৰ মাজত তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি হয় । আৰক্ষীয়ে ভূৱা ফেচবুক বাৰ্তা  বিয়পোৱাৰ অপৰাধত যুৱকজনক তেওঁ নিজে কম্পিউটাৰ সেৱাৰ কাম কৰি থকা প্ৰতিষ্ঠানটোৰপৰা আটক কৰি নাজিৰা আৰক্ষী থানালৈ লৈ যায় । আনহাতে কালি বিয়লি বিধায়ক তথা বিধান সভাৰ  বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, নাজিৰাৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ, প্ৰহ্লাদ গোৱালাই কেন্দ্ৰটিত উপস্থিত হৈ কাম-কাজৰ বুজ লয়  ।

Leave A Reply

Your email address will not be published.