Famous Play Abhijnana-Shakuntalam: মহাকবি কালিদাসৰ বিশ্ববিশ্রুত নাট ‘অভিজ্ঞান-শাকুন্তলম’ সংস্কৃততে মঞ্চস্থ

নগাঁও, ২১ অক্টোবৰ : নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে শনিবাৰে সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত মহাকবি কালিদাসৰ বিশ্ববিশ্রুত নাট ‘অভিজ্ঞান-শাকুন্তলম'(Famous Play Abhijnana-Shakuntalam) মঞ্চস্থ কৰে। নাটখনৰ মূল কাঠামোত আঘাত নকৰাকৈ নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই সম্পাদনা আৰু অভিযোজনা কৰা নাটখন সংস্কৃত ভাষাত উপস্থাপন কৰা হয়।

সন্ধিয়া নগাঁও জিলা পুথিভঁৰালত গাম্ভীর্যপূর্ণ পৰিৱেশত ‘অভিজ্ঞান-শাকুন্তলম’ নাটখন উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই।

নাটখন উদ্বোধন কৰি দিয়া ভাষণত বৰুৱাই সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত ভাষাৰ গৰিমাৰ বিষয়ে উল্লেখ কৰে। আনহাতে, সংস্কৃত ভাষাত এখনি পূৰ্ণাংগ নাট মঞ্চায়ন কৰাৰ বাবে তেওঁ নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ শলাগ লয়।(Indian Poet Kālidāsa)

উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ক্ৰমে বৰ্ষীয়ান সংস্কৃত পণ্ডিত যজ্ঞপতি শৰ্মা শাস্ত্ৰী, সাহিত্যিক উপেন্দ্ৰ বৰকটকী, সমাজসেৱক মুকুল শর্মা, শিক্ষাবিদ বিপুল কটকী আৰু গিৰীন্দ্ৰ কুমাৰ বৰুৱাই।

নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ সাধাৰণ সম্পাদক ড: ধৰ্মেশ্বৰ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে নগাঁও জিলা সংস্কৃত ভাষা(Sanskrit Language) বিকাশ মঞ্চৰ সভাপতি গুণ শইকীয়াই ‘অভিজ্ঞান-শাকুন্তলম’ নাটখনৰ সন্দৰ্ভত চমু আভাস দাঙি ধৰে।(Nagaon District Library)

উল্লেখ্য, অধ্যাপক গুণ শইকীয়াই সম্পাদনা আৰু মঞ্চ অভিযোজনা কৰা ‘অভিজ্ঞান-শাকুন্তলম’ নাটখনৰ পৰিচালক ৰাজেন ফুকন আৰু সহযোগী পৰিচালক ড° দ্বিজেন শৰ্মা৷ সংগীত দীপক কুমাৰ শৰ্মাৰ। মঞ্চ সজ্জা আৰু বেশভূষাত মৃদু মৌচম বৰা, কলা নিৰ্দেশনা জ্যোতি গগনৰ৷ অংগ সজ্জাত প্ৰকাশ বৰা৷ পোহৰ-শব্দ ব্যৱস্থাপনাত ৰাজেন ফুকন আৰু উৎপল বৰা৷

নাটখনৰ সামগ্ৰীক ব্যৱস্থাপনা ড: ধৰ্মেশ্বৰ গোস্বামীৰ। সংগীত সহযোগীসকল হৈছে ক্ৰমে অতুল মহন্ত,অভিষেক ধৰ, গুণকান্ত দাস। নান্দীশ্লোক-সংলাপৰ নেপথ্যৰ শিল্পী ৰঞ্জন বেজবৰুৱাৰ আৰু গীতত ইন্দ্ৰাণী বৰা।

নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হৈছে ক্ৰমে ৰুবুল মহন্ত, নিৰ্মান মুক্তিয়াৰ, তন্মী ফুকন, নিবেদিতা গৌতম,চিংকী কলিতা বৰা, ড: দ্বিজেন শর্মা, বৰ্ণালী পৰাশৰ, পুতুল শর্মা, বিকাশ বৰা, নৱজ্যোতি গোস্বামী, লক্ষ্যজ্যোতি শইকীয়া, প্রকাশ শইকীয়া, যুগল হাজৰিকা, প্রশান্ত গোস্বামী, সত্যপ্রসাদ শর্মা, বর্ণম গোস্বামী, জিষ্ণু বেজবৰুৱা, উজ্বলমনি বৰা, কমলেশ শইকীয়া, পূর্ণিমা গোস্বামী, খ্যাতি প্রিয়ম বৰা, ময়ুখী বেজবৰুৱা, মানসী দেৱী, উজ্বলমনি বৰা আৰু যোষিতা শর্মা।

সংস্কৃত ভাষাৰ পূৰ্ণাংগ নাট ‘অভিজ্ঞানম-শাকুন্তলম্'(Abhijñānam-śākuntalam) মঞ্চায়নৰ বাবে নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই প্ৰায় তিনি মাহ ধৰি প্ৰস্তুতি চলায়। আনহাতে, নগাঁও জিলাৰ লগতে ৰাজ্যখনৰ আন কেইবাখনো জিলাৰ পৰা অহা দৰ্শকে নাটখনৰ প্ৰতি বিপুল সঁহাৰি জনোৱাৰ লগতে সংস্কৃত ভাষা বিকাশ মঞ্চৰ এনে প্ৰচেষ্টাৰ শলাগ লয়।

Related Articles