উৰ্ফিৰ নতুন শৈলী দেখি অনুৰাগীয়ে এলিয়েনৰ লগত তুলনা কৰিলে ! ক’লে এইদৰে…

শেহতীয়াকৈ উৰ্ফি জাভেদে কাপোৰৰ সৈতে নহয় মেক-আপৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিছিল, যিটো দেখি মানুহ আচৰিত ! চাওক উৰ্ফিৰ নতুন ৰূপ। হয়তো এই পৃথিৱীৰ কোনোৱেই উৰ্ফিৰ ফেশ্বন চেন্সৰ সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰিব ! কাপোৰৰ পৰা আৰম্ভ কৰি ছেফটি পিনলৈকে ড্ৰেছ নিৰ্মাণ কৰি পিন্ধা প্ৰথমগৰাকী ফেশ্বনিষ্ট হ’ব উৰ্ফি।
উৰ্ফিৰ নতুন ৰূপ চাওক-

আচলতে উৰ্ফি জাভেদে শেহতীয়াকৈ ‘ডাৰ্টি মেগাজিন’ৰ বাবে এটা শেহতীয়া ফটোশ্বুট কৰিছিল। ফটোশ্বুটত ষ্ট্ৰেপলেছ লং ক’লা-বগা গাউন পিন্ধি দেখা গৈছিল য’ত ‘ডাৰ্টি’ লিখা আছিল। সদায় ৰিভিলিং ড্ৰেছত দেখা পোৱা উৰ্ফি জাভেদক সম্পূৰ্ণ কাপোৰ পিন্ধা দেখি মানুহে আনন্দিত হৈছিল যদিও মেকআপ দেখি অনুৰাগীৰ আচৰিত হ’ল। উৰ্ফীয়ে এইবাৰ মেক-আপেৰে মানুহক আচৰিত কৰি তুলিলে।

উৰ্ফী জাভেদে ফটোশ্বুটৰ বাবে চুলিত গোলাপী ৰং কৰিছিল। তাইৰ লুকটোত আটাইতকৈ মনোযোগ আকৰ্ষণ কৰা বস্তুটো আছিল চেলাউৰি, ক’লা সাহসী চকু আৰু নগ্ন ওঁঠেৰে মেকআপ সম্পূৰ্ণ কৰিলে অভিনেত্ৰীগৰাকীয়ে। উৰ্ফীয়েও নিজৰ ছবিখন নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে, ফটোখনত বহুতে বহু মন্তব্য কৰিছে।

Related Articles