Breaking

হোজাইত শিক্ষক গোলাম নবীক বিদায়ী সম্বৰ্ধনা…

0 49

হোজাইত এগৰাকী শিক্ষকক বিদায়ী সম্বৰ্ধনা। হোজাইৰ চৌধুৰী বজাৰত অনুষ্ঠিত শিক্ষকৰ বিদায়ী সম্বৰ্ধনা অনুষ্ঠান। চামৰালি তিনি আলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় বিদায়ী সভা। দিনজোৰা কাৰ্যসূচীৰে শিক্ষক গোলাম নবীক সম্বৰ্ধনা জনায় বিদ্যালয়ৰ শিক্ষক গোটৰ লগতে স্থানীয় ৰাইজে।

আজি অনুষ্ঠিত হোৱা উক্ত বিদায়ী সভাৰ সভাপতিত্ব কৰে শ্বফিকুৰ ৰহমানে।বিদায়ী সম্বৰ্ধনা অনুষ্ঠানটিত বিদায়ী শিক্ষক গোলাম নবীক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, স্থানীয় ৰাইজ আৰু শিক্ষক গোটে মানপত্ৰ, গামোচা আদিৰে সম্বৰ্ধনা জনোৱা দেখা যায়।

Leave A Reply