Breaking

কামৰূপৰ অতিৰিক্ত উপায়ুক্ত মানালী জৈনক বিদায় সম্বৰ্ধনা

0 6,371

বদলীকৰণৰ বাবে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত পদৰ পৰা বিদায় ল’বলগীয়া কামৰূপৰ অতিৰিক্ত উপায়ুক্ত মানালী জৈনক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়৷ জিলা প্ৰশাসনৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সভাত বিদায়ী বিষয়াগৰাকীক সম্বদ্ধৰ্না জ্ঞাপন কৰা হয়৷

সভাত উপস্থিত কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীয়ে বিষয়াগৰাকীৰ কৰ্মপটুতা¸ নিষ্ঠা আৰু সৰলতাৰ বিষয়ে উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত বিদায়ী বিষয়া মানালি জৈনে কামৰূপ জিলাত আগবেঢ়াৱা শান্তিপূৰ্ণ সেৱাৰ এই সময়ছোৱা স্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰে৷

জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে এনে শ্ৰীমতী জৈনে নিষ্ঠাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে উল্লেখ কৰি আগন্তুক দিনতো নতুন পদবীত কৰ্মদক্ষতাৰে নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ সক্ষম হ’ব‌ বুলি শুভেচ্ছা জ্ঞাপন কৰে৷ 
আজিৰ অনুষ্ঠানত কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বে’, অতিৰিক্ত উপায়ুক্ত ক্ৰমে ধ্ৰুৱজ্যোতি দাস,  সিদ্ধাৰ্থ গোস্বামী আৰু  কমল বৰুৱাকে ধৰি অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। 

Leave A Reply

Your email address will not be published.