Breaking

ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাঁকাৰ

0 1,558

ওদালগুৰি জিলাৰ ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাকাৰ সৃষ্টি হৈ আহিছে ৷ একাংশ অসাধু  ব্যৱসায়ীয়ে চলাইছে ৰমৰমীয়া ব্যৱসায়৷প্ৰতি বস্তা ইউৰীয়া সাৰ খেতিয়কে ক্ৰয় কৰিবলগীয়া হৈছে ৪০০ৰপৰা ৭০০টকাত৷পৰিৱৰ্তনকামী চৰকাৰৰ ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰৰ পৰা বঞ্চিত খেতিয়কসকল৷ সম্প্ৰতি কুম্ভকৰ্ণ নিদ্ৰাত জিলা কৃষি বিভাগ ৷কৃষি মন্ত্ৰী অতুল বৰাই সঘনাই সংবাদ মাধ্যমত কৃষি ক্ষেত্ৰত বিভিন্ন অভিলাসী আঁচনিৰ কথা ঘোষণা কৰি আহিছে যদিও প্ৰকৃতাৰ্থত ওদালগুৰি জিলাৰ কৃষকসকল এই সমূহৰ পৰা বঞ্চিত হৈ আহিছে ।

একাংশ অসাধু বীজ ভাণ্ডাৰ তথা দোকানীয়ে খেতিয়কক শোধাইছে মাধমাৰ৷উল্লেখ্য যে ওদালগুৰি জিলাৰ সংখ্যালঘু উদ্যোষিত অঞ্চলৰ ৭০শতাংশ মানুহ কৃষিজীৱী৷সমগ্ৰ দেশ মহামাৰী কৰণা ভাইৰাছৰ বাবে স্তব্ধ হোৱাৰ লগতে খেতিয়কসকল আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে তেনে সময়তে অসম চৰকাৰে খেতিয়কসকলক আৰ্থিক সকাহ দিবৰ বাবে ইউৰীয়া সাৰত ৰাজসাহায্য ঘোষণা কৰি প্ৰতি বস্তা মূল্য ২৬৬:৫০টকা নিৰ্ধাৰণ কৰাৰ পাছতো একাংশ পাইকাৰী আৰু খুচুৰা অসাধু ব্যৱসায়ীয়ে চৰকাৰ তথা কৃষিমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই প্ৰতি বস্তা ইউৰীয়া সাৰ ৪০০ৰ পৰা ৬০০টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগী খেতিয়কে৷সেয়েহে ভুক্তভোগী খেতিয়কসকলে কৃষিমন্ত্ৰীৰ লগতে জিলা কৃষি বিষয়াক তদন্ত কৰি অসাধু বীজ ভাণ্ডাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ অনুৰোধ জনায়৷

Leave A Reply

Your email address will not be published.