Breaking

সোণতলীত খেতিয়কৰ প্ৰতিবাদ : কৃষি মন্ত্ৰী অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে থানাত এজাহাৰ

0 96

দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ কাছাৰীপাম গাঁৱৰ আলু খেতিয়ক সকলে আজি কৃষি মুন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।খেতিয়ক সকলে আলু খেতিৰ পথাৰত গৈ অসম চৰকাৰ হায় হায়,অতুল বৰা মূৰ্দাবাদ,আমাৰ ক্ষতিপূৰণ লাগিবই আদি শ্লোগানেৰে কাছাৰীপাম পথাৰৰ আকাশ-বতাহ কপাই তোলে। উল্লেখ্য যে কাছাৰীপাম অঞ্চলৰ প্ৰায় চল্লিশ গৰাকী খেতিয়কে ১০০ বিঘা মাটিত আলু খেতি কৰিছিল। একাংশ খেতিয়কে বেংকৰ পৰা ঋণ লৈ অশেষ কষ্ট কৰি খেতি কৰাৰ পাছত মূৰে কপালে হাত দি বহি থাকিব লগীয়া হৈছে ৷ আলু লগোৱাৰ ২ মাহ পাৰ হোৱাৰ পিছতো গছত আলু নলগতা গছবোৰ মৰহি যাব ধৰিছে বুলি এজাহাৰত উল্লেখ কৰিছে৷ আলু খেতি নষ্ট হোৱাৰ ফলত প্ৰায় এক কোটি টকা লোকচানৰ সন্মুখীন হোৱা বুলি  খেতিয়ক সকলে অভিযোগ উত্থাপন কৰিছে৷ আলু খেতিয়ক সকলৰ অভিযোগ অনুসৰি সোণতলী কৃষি বিকাশ কেন্দ্ৰৰ স্বত্তাধিকাৰী মহিবুল হক, বৰ আৰিকাটিৰ স্বহিদুল ইছলাম, ছয়গাঁৱৰ মহাবীৰ পথাৰৰ ওমেদ আলীয়ে সোণতলী অঞ্চলৰ প্ৰায় ৪০ জনকৈ কৃষকক কুইন্টল প্ৰতি ৭ হাজাৰ টকাৰ পৰা ৮ হাজাৰ টকা পৰ্যন্ত লৈ আলুৰ বিধান যোগান ধৰিছিল। আলুৰ বিধান সমুহ বৈজ্ঞানিকসন্মত নোহোৱাৰ বাবে সোণতলী অঞ্চলৰ আলু খেতিয়কে লোকচানৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ৷ ফলত কৃষক সকলে আলু খেতিত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদত অতুল বৰা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, আমাক ক্ষতিপুৰণ লাগিবই আদি শ্লগানেৰে উত্তাল কৰি তোলে৷ আনহাতে সোণতলী কৃষি বিকাশ কেন্দ্ৰৰ স্বত্তাধিকাৰী মহিবুল হক, স্বহিদুল ইছলাম আৰু ওমেদ আলীৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ উপৰিও কৃষক সকলে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ওচৰত ক্ষতিপুৰণ দিবলৈ দাবী জনাইছে ৷

Leave A Reply

Your email address will not be published.