কৃষক সমাজে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়সীমা শেষ হোৱাৰ পিছতে প্ৰতিবাদী কৃষক সকলৰ সেতে আজি সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হব। এই কথা সদৰি কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে। কৃষকসকলে শীঘ্ৰে কৃষি আইন বাতিল কৰাৰ দাবীৰে ২৬ নৱেম্বৰৰ পৰাই তেওঁলোকে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। ইতিমধ্যে চৰকাৰৰ সৈতে আলোচনা কৰিছিল যদিও কোনো সমাধান নোলাল। তাৰ পিছতে মঙলবাৰে প্ৰতিবাদী কৃষকসকলে বন্ধৰ আহ্বান কৰিছিল।