দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ২৫ মাৰ্চ : ঢকুৱাখনাবাসীৰ স্বাভিমানৰ প্ৰতীক, একক জাতীয় লোক কৃষ্টিৰ উৎসৱ ফাট বিহু-২০২৫(Fata Bihu) বৰ্ষত উদযাপনৰ পথ প্ৰশস্ত হ’ল। ফাট বিহু সমিতিৰ সাধাৰণ পৰিষদৰ এখন ৰাজহুৱা সভাই মঙ্গলবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি এখন উদযাপন সমিতি গঠন কৰি দিয়ে।(Dhakuakhana)

৯, ১০ আৰু ১১ মে’ত তিনিদিনীয়াকৈ ২০২৫ বর্ষৰ ফাটবিহু মহোৎসৱটো উদযাপন কৰিবলৈ সাধাৰণ সভাই নিতুল (ৰাজা) বৰুৱাক সভাপতি , মনিকা পাতিৰ, গুৰু গোবিন্দ দাস, গোবিন বৰুৱা উপসভাপতি, হিতেশ ফুকনক সম্পাদক, মিনু বৰা, পলাশ কোঁৱৰ, বিষ্ণু শইকীয়াক সহকাৰী সম্পাদক, ৰাজেশ দলেক বিত্ত সম্পাদক, সঞ্জয় দে, নীলমণি দাসক কাৰ্যালয় সম্পাদক, আশোক বৰুৱা, বৃকুদৰ দাস, তীৰ্থ হাজৰিকাক প্ৰচাৰ সম্পাদক হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰি দিয়ে৷(dainandin barta)

ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক ফাটবিহু প্ৰেমী ৰাইজ উপস্থিত থকা সাধাৰণ পৰিষদৰ সভাত সভাপতিত্ব কৰে ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।
সম্পাদক ভাস্কৰ দাসে উদ্দেশ্য ব্যাখা কৰা বৈঠকত ফাটবিহু সমিতিৰ সাধাৰণ পৰিষদৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে(DB News)। বৈঠকত বিভিন্ন বিষয়ৰ লগতে ২০২৫বর্ষৰ ফাটবিহু উদযাপন সন্দৰ্ভতো বিশদ আলোচনা কৰা হয়।

ইয়াৰ পাছতে ফাটবিহুৰ স্থায়ী সমিতিখনৰ ম্যাদ শেষ হৈছিল যদিও সাধাৰণ পৰিষদৰ বৈঠকে সৰ্বসন্মত ভাবে পূৰ্বৰ সমিতিখনকে অনাগত কাৰ্যকালৰ বাবে বাহাল ৰাখে।
ইপিনে নৱনিৰ্বাচিত সম্পাদক হিতেশ ফুকনে ঢকুৱাখনাৰ স্বকীয় লোক সম্পদ ফাটবিহু-২০২৫ৰ সফল উদযাপনৰ বাবে লোক কৃষ্টি প্ৰেমী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।(brahmaputra river)