Breaking

তামুলপুৰৰ কুমাৰীকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা,গুৰুতৰ ভাৱে আহত এজন কিশোৰ

0 1,046

দেওবাৰে পুৱাই তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ কুমাৰীকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে  এজন কিশোৰ গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হ’বলগা হয়। জানিব পৰা মতে ১২৭ নং ডি ৰঙিয়া- ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ কুমাৰীকাটাৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ কিছু দূৰত ৰঙিয়া অভিমূখে গৈ থকা AS 25DC 5532 নম্বৰৰ ডাম্পাৰ খনে আন এখন As 25 DC 4431ডাম্পাৰৰ পিছ ফালে খুন্দিয়াই দিয়াৰ বাবেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয় । ফলত বহু সময় লৈকে ডাম্পাৰ খনত উঠি অহা কিশোৰ গৰাকী আবদ্ধ হৈ পৰে,  পিছত জেচিবি লগাইহে কিশোৰ গৰাকীক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।।বৰ্তমান কিশোৰ গৰাকী সংকট মুক্ত বুলি জানিব পৰা গৈছে । ইতিমধ্যে কুমাৰীকাটা আৰক্ষীয়ে দুয়োখন ডাম্পাৰ জব্দ কৰি আৰক্ষী চকীলৈ লৈ যায় ।

Leave A Reply

Your email address will not be published.