নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী বাহনে খুন্দিয়ালে দম্পত্তিক। আহত দম্পত্তিক আৰক্ষী আৰু ৰাইজৰ তৎপৰতাত চিকিৎসালয় লৈ প্ৰেৰণ।
নিশা জনীয়াৰ পৰা অভয়াপুৰী লৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ ৰঙাপানীত সংগঠিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা হয়। জানিব পৰা মতে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চান্দমামা গাওঁৰ আয়নাল হক(৪৫) আৰু তেওঁৰ ঘৈণীয়েক মফিদা খাতুন(৪০) দম্পত্তি গৰাকীয়ে নিশা চাইকেলেৰে আলহী গৃহৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাত তীব্ৰ বেগী চাৰিচকীয়া বাহনে খুন্দিয়াই পথৰ দাঁতিত পেলাই থৈ যায়।
খুন্দিওৱাৰ প্ৰচণ্ড শব্দ শুনি ৰাইজে লগে লগে দৌৰি আহি দুয়োকে গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ পথৰ দাঁতিত পৰি থকা প্ৰতক্ষ্য কৰে। স্থানীয় ৰাইজে মেৰেৰচৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্হলীত আৰক্ষীয়ে উপস্থিত হৈ এম্বুলেন্স আৰু পথচাৰী এজনৰ চাৰিচকীয়া বাহনেৰে ততাতৈয়াকৈ দুয়োকে কলগাছিয়া অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।
অৱস্থা অধিক সংকট হোৱা বাবে দুয়োকে ফকৰুদ্দিন আলী আহমেদ মেডিকেল লৈ প্ৰেৰণ কৰে। যদিও আয়নাল হকক চিকিৎসকে মৃত্যু হোৱা বুলি প্ৰকাশ কৰে।