Breaking

মৰিগাঁওৰ মাজমজিয়াত ভয়াৱহ পথ দুৰ্ঘটনা…..

0 98

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মাজমজিয়াত অৱস্থিত মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এক ভয়াৱহ পথ দূৰ্ঘটনা ।

মৰিগাঁও সদৰ থানাত নিয়োজিত AS 01 N 1653 নম্বৰৰ এখন CRPF ৰ বাহনখনত CRPF জোৱান গুৱাহাটীৰ অভিমুখে গৈ থকাৰ অৱস্থাত মৰিগাঁও GKB collegeৰ সমীপত AS 21A 6054 নম্বৰৰ দুচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়, ফলত দুচকীয়া বাহনৰ আৰোহী ৰজনীকান্ত চহৰীয়া গুৰুত্ব ভাৱে আহত হয় ।

যাৰ ফলত স্হানীয় ৰাইজ আৰু মৰিগাঁও আৰক্ষীৰ সহযোগত আহত ব্যক্তি ৰজনীকান্ত চহৰীয়াক ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাৰ কাৰন বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ বাহনৰ অস্বাভাৱিক গতিৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ।

Leave A Reply

Your email address will not be published.