বিশ্বনাথ চাৰিআলি নগৰত শুক্ৰবাৰে নিশা এঘাৰ মান বজাত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত হল বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থবৰ্গৰ কৰ্মী। উল্লেখ্য যে নিশা এঘাৰমান বজাত বিশ্বনাথৰ পাভৈ পথৰ পৰা দেৱজিত টেৰাং নামৰ চিকিৎসালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মী জনে স্কুটি লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নাইট ডিউটি কৰিবলৈ আহি থকা অৱস্থাত নগৰ খনৰ পুলিচ পইন্ট অতিক্ৰম কৰাৰ মূহুৰ্ততে লক্ষীমপুৰ অভিমুখৰ পৰা আহি থকা As 01 EC-3103 নম্বৰৰ নাইট ছুপাৰ খনে মহতিয়াই নিয়ে স্কুটি আৰোহী তথা দেৱজিত তেৰাংক। লগে লগে স্কুটি আৰোহী দেৱজিৎ তেৰাং নাইট ছুপাৰৰ তলত সোমাই যায় আৰু নাইট ছুপাৰখনে স্কুটি আৰোহী জনক বছাবলৈ চেষ্টা কৰি পুলিচ পইন্টৰ চিগনেল দিয়া খুটা এটা ভঙাৰ লগতে এটা বৈদুতিক খুটাও ভাঙি পেলাই নাইট ছুপাৰখনে। লগ লগে বিশ্বনাথৰ জনপ্ৰিয় কন্ঠ শিল্পী মানস ভাগৱতী,বিপ্লব পাল,পংকজ হাজৰিকা আৰু দিগন্ত হাজৰিকাই দুৰ্ঘটনাস্থলীত উপস্হিত হৈ দুৰ্ঘটনাগ্ৰস্থ স্কুটি আৰোহী গৰাকীক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি 108 সেৱা মাতি দুৰ্ঘটনাগ্ৰস্থ লোক জনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে। পিছত আৰক্ষীয়ে উক্ত স্থানত উপস্হিত হৈ মানস ভাগৱতী আৰু অন্যান্য সচেতন লোক সকলৰ সহায়ত দুৰ্ঘটনা সংঘটিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আতৰ কৰিবলৈ সক্ষম হয়। আনহাতে দুৰ্ঘটনা গ্ৰস্থ লোকজন চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱতি লয়।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ
- Food Processing Industry: ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সম্প্ৰসাৰিত দিগন্ত; অৰ্থনৈতিক শ্ৰীবৃদ্ধিত উল্লেখযোগ্য ভূমিকা
- Cabinet approves Pm’s Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন
- National Boxing C’ship: পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ
- AASU: আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব
- Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস। বাঁহগাজৰ উপকাৰিতা বিষয়ে জানক
- Assam’s pride, heritage site ‘Khatra Satra’: অসমৰ গৌৰৱ, ঐতিহ্যক্ষেত্ৰ ‘খটৰা সত্ৰ’
- eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ