নগাঁৱৰ ৩৭ন‌ং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দূৰ্ঘটনা…

নগাঁৱৰ বেবেজীয়াৰ গণপতি হিৰ ডীলাৰৰ সমীপত ৩৭ন‌ং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা।

তিনিখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই দূৰ্ঘটনাটো সংঘটিত হয়।গুৱাহাটী দিশৰ পৰা নগাঁও দিশে তীব্ৰ বেগত আহি থকা ASO4 AC 9527 নম্বৰৰ ট্ৰেভেলাৰ খনে নগাঁও দিশৰ পৰা ৰহা দিশে গৈ থকা AS 02 AD 6773 নম্বৰৰ মটৰ চাইকেল আৰু AS 02C 9086 খুন্দা মৰাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দূৰ্ঘটনাতটোত মটৰ চাইকেলে খনৰ চালকৰ লগতে টেম্প খনৰ থকা কেইবাজনো যাত্ৰী আহত হয়। বৰ্তমান লৈকে ৮ জন ব্যক্তি গুৰুতৰভাবে আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা স্থলীত বেবেজীয়া আৰক্ষী উপস্থিত হৈ আহত সকলক নগাঁও চিকিৎসা লয়লৈ প্ৰেৰণ কৰিছে।আহত সকলৰ কেইবাজনৰো অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে।

Related Articles