Breaking

Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ

30

সুৰাৰ সেৱন কৰি প্ৰায়েই ঘৰত অশান্তি কৰিছিল দিপু বৰুৱাই। যোৱা নিশাও সুৰাৰ ঘাটীৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দিপু বৰুৱাই ঘৰত সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতি৷ পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে ৷ (Father killed son in Sivasagar)

শিৱসাগৰৰ কোঁৱৰপুৰত চাঞ্চল্যকৰ কাণ্ড! যি কাণ্ডই জোকাৰি গ’ল শিৱসাগৰৰ কোঁৱৰপুৰ অঞ্চল। পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ কাণ্ড। পিতৃয়ে পুত্ৰক কৰিলে নৃশংসভাৱে হত্যা। কোঁৱৰপুৰৰ টেপৰতল গোহাই গাঁৱত সংঘটিত এই নৃশংস হত্যাকাণ্ড৷ এই ঘটনা বুধবাৰৰ পুৱতি নিশা।(Father killed son in Sivasagar)

অভিযোগ অনুসৰি সুৰামত্ত পুত্ৰই প্ৰতিদিনে ঘৰত সৃষ্টি কৰিছিল অশান্তি। বুধবাৰৰ দিনাও সেই একেই পৰিৱেশৰ সৃষ্টি কৰিছিল। যাৰ পৰিণতিত শোৱাপাটীতে পিতৃয়ে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দিপু বৰুৱাক। সুৰাৰ সেৱন কৰি প্ৰায়েই ঘৰত অশান্তি কৰিছিল দিপু বৰুৱাই। যোৱা নিশাও সুৰাৰ ঘাটীৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দিপু বৰুৱাই ঘৰত সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতি৷ পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে ৷

নিহত দিপু মহ পালক আছিল ৷ অত্যাচাৰী পুত্ৰক হত্যা কৰিও অনুতপ্ত নহয় পিতৃ ৰমেন বৰুৱা ৷ হত্যাকাণ্ডৰ কথা অকপটে স্বীকাৰ হত্যাকাৰী পিতৃৰ ৷ আনহাতে অখিল, ললিত, হেমেন ,ৰাজেনকে ধৰি অঞ্চলটোত থকা অদ্ধ শতাধিক সুৰাৰ ঘাটী উচ্ছেদৰ দাবী ৷

ক’ব লাগিব যে সুৰাৰ বাবেই পিতৃৰ হাতত পুত্ৰ দীপুৱে হেৰুৱালে প্ৰাণ ৷ ৰাজ্যত যেন দিনক দিনে বৃদ্ধি পাইছে হত্যা কাণ্ডৰ ঘটনা। পুত্ৰই পিতৃক হত্যা, পিতৃয়ে পুত্ৰক হত্যা; কেতিয়াবা আকৌ পুত্ৰই মাতৃক হত্যা, পত্নীক হত্যা, স্বামীক হত্যা আদি নানান হত্য়াকাণ্ডৰ ঘটনা শুনিবলৈ পাওঁ। বেছিভাগ হত্য়াকাণ্ডৰ ঘটনা কাৰণ যেন সুৰা। সুৰাই যেন মানুহৰ শান্তি, সুখ, সম্বন্ধ শেষ কৰিছে।

সুৰা যেন শত্ৰু হৈ পৰিছে বহু লোকৰ। এই সুৰাৰ বাবেই বহুতে হয়তো বহুত হেৰুৱাইছে। ভাবকটোন এবাৰ সুৰাৰ বাবেই আজি নিজ হাতেৰে ডাঙৰ-দীঘল কৰা পুত্ৰ দীপুক সুৰাৰ বাবেই সেই হাতেৰেই হত্য়া কৰিলে পিতৃ ৰমেন বৰুৱাই। ইমানৰ পিচতো গাঁৱে-ভূঞে থকা অবৈধ সুৰাৰ ঘাটি সমূহৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নে?

Comments are closed.