Breaking

দেৰগাঁৱৰ পদ্মপুৰত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আৰু শিশু মাতৃ সমাৰোহ সম্পন্ন…

0 54

দেৰগাঁৱৰ পদ্মপুৰত কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আৰু শিশু মাতৃ সমাৰোহ সম্পন্ন। দেৰগাঁৱৰ সৃষ্টি মহিলা মঞ্চৰ উদ্যোগত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পদ্মপুৰত কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন আৰু শিশু মাতৃ সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা মঞ্চৰ পতাকা উত্তোলন কৰাৰ পাছতে কন কন শিশুসকলৰ মাজত মৌ মেল, গীত মাতৰ প্ৰদৰ্শনীমূলক অনুষ্ঠান, মাতৃসকলৰ মাজত খেল ধেমালি আৰু গীত মাতৰ বাৰেৰহণীয়া অনুষ্ঠান অনুষ্ঠিত হয় । বিয়লি সৃষ্টি মহিলা মঞ্চৰ সভানেত্ৰী কৌশল্যা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । মঞ্চৰ মহিলা সকলে এটি সমবেত সংগীতেৰে শুভাৰম্ভণী কৰা সভাখনিৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাই।

উদয়ন একাডেমীৰ অধ্যক্ষ তথা সুবক্তা ভাস্কৰ জ্যোতি বৰা নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰা সভাখনিত দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত, লোক নিৰ্মাণ বিভাগৰ অভিযন্তা ৰাজু গগৈ প্ৰমুখ্যে কৰি বহুকেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে । এই সভাতে চলিত বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পদ্মপুৰ অঞ্চলৰ কেইবাগৰাকীও কৃতিমান ছাত্ৰ ছাত্ৰীৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত ডক্টৰেট ডিগ্ৰী লাভ কৰা অঞ্চলটোৰ প্ৰথম গৰাকী মহিলা হিচাপে চিহ্নিত ড০ জ্যোৎস্নাশ্ৰী বৰাক বিশেষ ভাৱে অভিনন্দন জনোৱা হয় । অনুষ্ঠানত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।

Leave A Reply

Your email address will not be published.