Breaking

আজাৰা উন্নয়ন মঞ্চৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক সম্বৰ্দ্ধনা…

0 14

বৃহত্তৰ আজাৰা অঞ্চলত সামাজিক উন্নয়নৰ কাম কৰি যোৱাৰ লক্ষ্যৰে গঠিত আজাৰা উন্নয়ন মঞ্চই বিগত বৰ্ষৰ দৰে এইবেলিও বৃহত্তৰ আজাৰা অঞ্চলৰ যিসকল কৃতি শিক্ষাৰ্থীয়ে চলিত ২০২৪ বৰ্ষত নূন্যতম ৮০ শতাংশ নম্বৰ লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আজি আজাৰা ৰাজহুৱা সভাঘৰত আয়োজিত এক অভিনন্দন অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়। উল্লেখ্য যে বৃহত্তৰ আজাৰা অঞ্চলত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩২ জন আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা – দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ১১ জন শিক্ষাৰ্থীয়ে ৮০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছিল। আনহাতে এই উপলক্ষে আজাৰা

উন্নয়ন মঞ্চৰ সম্পাদক প্ৰশান্ত মহন্তৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সভাপতিত্ব কৰে মঞ্চৰ সভাপতি ডাঃ হৰিচৰণ মেধিয়ে। সভাত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ মহা প্ৰবন্ধক দিগন্ত দাসে মুখ্য অতিথি হিচাপে ভাগ লৈ সম্বৰ্ধিত সকলো কৃতি শিক্ষাৰ্থীৰ উজ্বল ভৱিষ্যত কামনা কৰি আগন্তুক দিনত যাতে ইয়াতকৈও উন্নত প্ৰদৰ্শনৰে নিজৰ লগতে আজাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে আশা ব্যক্ত কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত ভবেন চন্দ্ৰ

মেধি আৰু সদৌ অসম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামীয়ে অনুপ্ৰেৰণামুলক ভাষণ প্ৰদান কৰে। মঞ্চৰ সম্পাদক জিতেন্দ্ৰ কুমাৰ দাসে পৰিচালনা কৰা অভিনন্দন অনুষ্ঠানত কৃতি শিক্ষাৰ্থী সকলক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত মঞ্চৰ উপ সভাপতিদ্বয় হৰি নাৰায়ণ বৈশ্য আৰু দীপক মহন্তকে ধৰি কেবাজনো কৰ্মকৰ্তা, কৃতি শিক্ষাৰ্থী সকলৰ অভিভাৱক সকল আৰু অঞ্চলটোৰ কেবা শতাধিক লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.