Breaking

দৈনন্দিন বার্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ঘৰে ঘৰে দৈনন্দিন বার্তা সংকল্প যাত্ৰাত মৰিয়নীৰ অধ্যক্ষ আনন্দ শইকীয়াক সম্বৰ্ধনা…

0 29

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ গৌৰৱউজ্জ্বলে ১৪টা বছৰ গৰকি ৰাইজৰ মাজত আদৰ পাই আছে তেনে সময়তে সমগ্ৰ অসমতেই গোষ্ঠীৰ তৰফৰ পৰা সংবাদকৰ্মী সকলে নিজৰ নিজৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলক তেখেতৰ কৰ্মৰাজিক সন্মান জনাই আজি মৰিয়নীৰ সংবাদ কৰ্মী কৃষ্ণ প্ৰসাদ শৰ্মাৰ তৰফৰ পৰা বিশিষ্ট লিখক, শিক্ষাবিদ, চিনামৰা মহা বিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ আনন্দ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকে দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক শংকৰ গোহাঁই, আলোকপ্ৰভঞ্জনৰ সম্পাদক কুমুদ নাথ, পশ্চিম যোৰহাটৰ সাংবাদিক পংকজ কুমাৰ দাস, বিশ্বনাথৰ সংবাদিক ত্ৰিদিব কুমাৰ দাস, মৰিয়নিৰ বিশিষ্ট সমাজ সেৱক দ্বীপেন দাস, চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য মংগল গৰাইক। গুৱাহাটীৰ পৰা আহি আনন্দ শইকীয়া দেৱক সম্বৰ্ধনা জনোৱাৰ বাবে তেখেতৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সকলোকে অসমীয়াৰ স্বাভিমান ফুলাম গামোছাৰ লগতে একোটাকৈ স্বৰচিত গ্ৰন্থৰ টোপোলা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.