Breaking

গোগামুখ-মিংমাঙত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ ৩৬ টা সমষ্টিৰ ১১ হাজাৰ ছাত্ৰ-ছাত্ৰীলৈ জলপাণি…

0 42

মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত পৰিষদীয় এলেকাৰ মুঠ ৩৬ টা সমষ্টিৰ ১১ হাজাৰ কৃতী ছাত্ৰ-ছাত্ৰীক পৰ্যায়ক্ৰমে  সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন সাহায্য দিয়াৰ  কাৰ্যসূচী অব্যাহত ৰাখিছে৷ পৰিষদৰ অন্য সমষ্টিবোৰৰ দৰে আজি গোগামুখ, মিংমাং, জীয়াধল পৰিষদীয়  সমষ্টিটো ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চত্তৰ  মাধ্যমিক চুৰান্ত বৰ্ষৰ পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ  লগতে জল-পাণি তথা এককালীন সাহায্য প্ৰদান কৰা হয়৷ আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ  গোগামুখ পৰিষদীয় সমষ্টিৰ প্ৰায় ৫০০ গৰাকী  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন সাহায্য প্ৰদান কৰা৷

গোগামুখ পৰিষদীয় সমষ্টিৰ লটাক পঞ্চায়তৰ অন্তৰ্গত লটাক কৃষ্টি ভৱনত উক্ত কাৰ্যসূচী অনুষ্ঠিত হয়৷ অনুষ্ঠানটোত ভাষন দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগুৱে৷ অনুষ্ঠানটোৰ  মুখ্য অতিথি তথা পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ তত্ববধায়ক তথা পৰিষদৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে মিচিং স্বায়ত্তশাসিত পৰিষদে ৰূপায়ন কৰা উন্নয়নমূলক আঁচনিৰ খতিয়ান ডাঙি ধৰাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা স্বাৱলম্বী কৰাৰ কথা ব্যক্ত কৰে৷ অনুষ্ঠানত উপস্থিত থাকে গোগামুখৰ বহুকেইগৰাকী শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী, সমাজকৰ্মী, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, ধেমাজি জিলা সমিতিৰ উপসভাপতি বাবুল টাইড, গোগামুখ আঞ্চলিকৰ সভাপতি পদ্মলোচন মিলি, সম্পাদক দীপজ্যোতি পাইট, লটাক আঞ্চলিকৰ সভাপতি কমল পায়েং. সম্পাদক ৰিতু পেগু, নাহৰবাৰী আঞ্চলিকৰ সভাপতি হৰেশ পেগু, সম্পাদক দ্বীপেন দলে আদিয়ে৷একেদৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মিংমাং পৰিষদীয় সমষ্টিটো ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল এককালীন সাহায্য দিয়াৰ লগতে সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে টি এম পি কেৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ মিলিয়ে৷ অনুষ্ঠানটোৰ আঁত ধৰে মিংমাং পৰিষদীয় সমষ্টিৰ আহ্বায়ক ভূপেন পেগুৱে৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া কয় ছাত্ৰ-ছাত্ৰীসকলে ডাঙৰ ডাঙৰ চৰকাৰী বিষয়া-কৰ্মচাৰী বা চিকিৎসক-অভিযন্তা হ’লেই নহ’ব৷ নিজকে সেৱামূলক কামৰ বাবেও প্ৰস্তুত কৰি দেশৰ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব৷ নিজৰ কৰ্মৰাজিৰ জৰিয়তে নিজকে দেশ তথা সমাজ সেৱাত জৰিত কৰিব পাৰিলেহে এখন সুস্থ-সবল সমাজ গঢ়ি উঠিব বুলি মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই মন্তব্য আগবঢ়োৱাৰ লগতে মিচিং পৰিষদে শিক্ষাৰ উন্নতিৰ বাবে ব্যাপক হাৰত পূঁজি বিনিয়োগ কৰা বুলিও দোহাৰে৷ তেওঁ কয়- আমি অতিকৈ আনন্দিত যে, মিচিং স্বায়ত্তশাসিত পৰিষদে  শিক্ষা, ক্ৰীড়া বা অন্যান্য শিতানত কোনো জাতি-জনজাতিক লৈ পক্ষপাতিত্ব কৰা নাই৷ যি জনগোষ্ঠীৰে নহওঁক সকলোৱে  মিচিং স্বায়ত্তশাসিত পৰিষদত সমানে সুবিধা লাভ কৰিছে৷ সকলোকে সমান মৰ্যদা দিব পাৰি পৰিষদখনৰ লগতে পৰিষদখনৰ অন্তৰ্গত ৰাইজ অত্যন্ত সুখী বুলিও তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে৷ সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বিশিষ্ট ক্ৰীড়াবিদ  দিলীপ পেগুৱে৷ সভাত উপস্থিত মিংমাং পৰিষদীয় সমষ্টিৰ তত্বাবধায়ক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে, শিক্ষাবিদ  অৰুণ মৰাং, দিনেশ পেগু, টি এম পি কেৰ মিংমাং আঞ্চলিক সভাপতি মোহন পাঠৰী, সম্পাদক জ’ন পেগু,ওখমাটি আঞ্চলিকৰ সভাপতি পাপু পেগু, সম্পাদক  মহানন্দ মেদক,  কচুতলি আঞ্চলিকৰ  সভাপতি  সূৰ্য মিলি, স সম্পাদক ভাস্কৰ পেগুৰ লগতে গাঁৱৰ গাম, অঞ্চলৰ জেষ্ঠ ব্যক্তি আদি৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ জীয়াধল পৰিষদীয় সমষ্টিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে সম্বৰধৰ্না জনোৱা হয়। 

Leave A Reply

Your email address will not be published.