বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা


ভাৰতবৰ্ষৰ লগতে অসমৰ চৌপাশে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ জয়জয় – ময়ময় হৈ থকাৰ সময়তে এখন চৰকাৰী মহাবিদ্যালয়ে শৈক্ষিক দিশৰ লগতে সকলো ক্ষেত্ৰতে এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিবলৈ সক্ষম হৈছে।সেই মহাবিদ্যালয়খন হৈছে বৰপেটাস্থিত মাধৱ চৌধুৰী মহাবিদ্যালয়।এয়া সম্বৱ হৈ উঠিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ মান্যবৰ ডক্টৰ প্ৰকাশ শৰ্মা ছাৰৰ কৰ্মস্পৃহাৰ বাবে।তেওঁৰ হাতৰ পৰশত মহাবিদ্যালয়খনে উচ্চ শিখৰত গতি কৰিবলৈ সক্ষম হৈছে।মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ভবিষ্যৎ জীৱনত সৰ্বভাৰতীয় সকলো পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হব পাৰে তাৰ মানসৰে মহাবিদ্যালয় প্ৰাঙ্গণত এটি  “Merit Scholarship Test” অনুষ্ঠিত হৈ যায়।উচ্চস্তৰৰ এই পৰীক্ষাটোত পাঁচশজন ছাত্ৰ- ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও নিয়মানুসাৰে ওঠৰজন মেধাসম্পন্ন ছাত্ৰ – ছাত্ৰীহে সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়।উক্ত ছাত্ৰ – ছাত্ৰীসকলক বিশিষ্ট সমাজকৰ্মী , লেখিকা শ্ৰদ্ধাৰ নঞ্জু দত্ত বাইদেউৰ উপস্থিতিত ইং ৩ নৱেম্বৰ তাৰিখে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানটোৰ আত ধৰে ত্ৰিদীব বৰুৱা আৰু অৰ্জুন অধিকাৰীয়ে।  সম্বৰ্ধনা অনুষ্ঠানটোত ছাত্ৰ – ছাত্ৰীসকলক মানপত্ৰ দিয়াৰ লগতে ফুলাম গামোচা আৰু নগদ ধন আগবঢ়োৱা হয়।উক্ত অনুষ্ঠানটোত উপস্থিত থকা শ্ৰদ্ধাৰ নঞ্জু দত্ত বাইদেউৰ অনুপ্ৰেৰণামূলক ভাষণে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰি তোলে।বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ আদৰ্শৰে অসমৰ বাকী মহাবিদ্যালয়সমূহেও এনেধৰণৰ পৰীক্ষাৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক ভবিষ্যৎ জীৱনত সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হবলৈ উৎসাহ যোগাব পাৰে।

Related Articles