Hojai । হোজাই জিলাৰ কপাহবাৰীস্থিত হাজী আজমল আলী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ডঃ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰাপক ছাত্ৰ-ছাত্ৰীসকলক এক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৎকৃষ্ট ফলাফল দাঙি ধৰা শিক্ষাৰ্থীসকলক এই এৱাৰ্ড প্ৰদান কৰা হয়। চলিত শিক্ষাবৰ্ষত বিদ্যালয়খনৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উক্ত এৱাৰ্ড লাভ কৰে, যাৰ ভিতৰত ২ গৰাকী ছাত্ৰ আৰু ১৬ গৰাকী ছাত্ৰী অন্তর্ভুক্ত।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নেচাৰ উদ্দিন আহমেদৰ সভাপতিত্বত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ বহু শৈক্ষিক ব্যক্তিত্ব, অভিভাৱক তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত বক্তাসকলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সফলতা আৰু অধ্যৱসায়ৰ ভূয়সী প্ৰশংসা কৰে।
এৱাৰ্ড প্ৰাপ্ত শিক্ষাৰ্থীসকলে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অবদানৰ বিষয়ে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকো এই উৎসাহদায়ক পদক্ষেপৰ বাবে ধন্যবাদ জনায়।
বিদ্যালয়খনৰ অধ্যক্ষজনে নিজৰ ভাষণত কয় যে, অহা শিক্ষাবর্ষৰ পৰা বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা নামভৰ্তি আৰম্ভ কৰা হ’ব। এই ঘোষণাই অঞ্চলটোৰ শিক্ষাক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব বুলি আশাবাদ ব্যক্ত কৰা হৈছে।