ফেমিনা মিছ ইণ্ডিয়া-আছাম ২০২৩ খিতাপ দখল কৰা অনুষ্কা লেখাৰুক আজি মিছ আছাম অৰ্গেনাইজেচনে ইয়াৰ স্বীকৃতিস্বৰূপে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্কাই এতিয়া মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হ’বলগীয়া সন্মানজনক ফেমিনা মিছ ইণ্ডিয়া ২০২৩ ত অসমক প্ৰতিনিধিত্ব কৰিব৷ উল্লেখ্য যে মুম্বাইত অনুষ্ঠিত অডিচনত অনুষ্কাই অসংখ্য প্ৰতিভাবান প্ৰতিযোগীক অতিক্ৰম কৰি শীৰ্ষ ১১ গৰাকী প্ৰতিযোগীৰ মাজত স্থান লাভেৰে ফেমিনা মিছ ইণ্ডিয়া-আছাম নিৰ্বাচিত হয়৷ অনুষ্কাই মিছ আছাম অৰ্গেনাইজেচনৰ উদ্যোগত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে৷ মিছ আছাম অৰ্গেনাইজেচন হৈছে অল আছাম য়ুথ এম্পৰিং এছ’চিয়েচন(এ এ ৱাই ই এ)ৰ অধীনস্হ এটি সংস্হা৷ এই সংগঠনটিয়ে ফেমিনা মিছ ইণ্ডিয়াৰ বাবে অসমৰ প্ৰতিভাসমূহৰ সন্ধান কৰে৷ আনহাতে অল আছাম য়ুথ এম্পৰিং এছ’চিয়েচনে এই অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বিকাশৰ বাবে কাম কৰি আহিছে৷ তদুপৰি যুৱক যুৱতীসকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়ে৷
গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱত অনুষ্কা লেখাৰুক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত মিছ আসাম অৰ্গেনাইজেচনৰ সভাপতি শ্যামাংগ প্ৰতীম কাশ্যপ আৰু এএৱাই এ ইৰ উপ- সভাপতি শ্ৰীমতী আকুমনাৰু ইমচঙে অনুষ্কাক সম্বৰ্দ্ধনা জনায়৷ সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে অনুষ্কাৰ মাতৃ শ্ৰীমতী ইন্দ্ৰানী লেখাৰু৷ ইন্দ্ৰানীয়ে কন্যাৰ এই পৰিক্ৰমা, লক্ষ্যত উপনীত হোৱাৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কন্যা অনুষ্কাৰ লগতে ৰাজ্যৰ অন্য যুৱক যুৱতীৰ সপোন পূৰণ কৰিবলৈ মিছ আছাম অৰ্গেনাইজেছনে কৰা সহায়ৰ বাবে তেওঁ সংগঠনটোক ধন্যবাদ জ্ঞাপন কৰে৷